মৰিগাঁও, 21 মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা (Fake gold smuggling in Assam) ৷ একাংশ অসাধু চক্ৰই ৰাজ্যত অব্যাহত ৰাখিছে নকল সোণৰ সৰবৰাহ আৰু বিক্ৰী ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত সক্ৰিয় হৈ পৰিছে নকল সোণৰ সৰবৰাহকাৰী (Fake gold seized in Morigaon) ৷ জাগীৰোড আৰক্ষীৰ অভিযানত 3 খন নকল সোণৰ নাও জব্দ (Fake gold boat) ৷ আটক 4 জন নকল সোণ সৰবৰাহকাৰী (Fake gold smuggler arrested) ৷
গোপন সূত্ৰৰ পম খেদি যোৱা দেওবাৰে নিশা জাগীৰোড আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে 6 টাকৈ মোবাইলসহ 3 খন নকল সোণৰ নাও ৷ লগতে আটক কৰিবলৈ সক্ষম হয় চাৰিজনকৈ নকল সোণ সৰবৰাহকাৰী (Fake gold smuggler arrested in Jagiroad) ৷
জাগীৰোড আৰক্ষীৰ অভিযানত নকল সোণৰ নাও জব্দ আটকাধীন কেইজন ক্ৰমে লক্ষীমপুৰ নাওবৈচাৰ আবু তাহেৰ, ফাইজুল ইছলাম, জাগীৰোড কাহিকুছিৰ ৰিংকুমণি আলী আৰু ধৰমতুলৰ জাহিদুল ইছলাম ৷ উল্লেখযোগ্য যে নকল সোণৰ সৰবৰাহ কাৰী চক্ৰটোৱে দীৰ্ঘদিন ধৰি নকল সোণৰ কলা বেহাৰ সৈতে জড়িত হৈ বিভিন্ন জনক প্ৰবঞ্চনা কৰি আছিল ৷ সোণৰ নাও বিক্ৰীৰ নামত দেশৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰৱঞ্চনা কৰি আহিছিল চক্ৰটোৱে (Fake gold seized in Jagiroad) ৷
মৰিগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি ধৃত নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে জাগীৰোড আৰক্ষীয়ে অভিযান চলাই হাতে-লোটে সৰবৰাহকাৰী কেইটাক নকল সোণৰ নাওসহ আটক কৰাৰ লগতে 6টাকৈ ম'বাইল জব্দ কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই মৰিগাঁও জিলাত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷
উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি নিছাজাতীয় দ্ৰব্য, ড্ৰাগছ ইত্যাদিৰ সমান্তৰালকৈ নকল সোণৰ সৰবৰাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: Fraud in online apps: অনলাইন এপচত প্ৰৱঞ্চনা: সৰৱ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'