অসম

assam

ETV Bharat / state

Fake doctor arrested : এগৰাকী ভুৱা চিকিৎসকক আটক মাজুলী আৰক্ষীৰ - ভুৱা চিকিৎসকক আটক মাজুলী আৰক্ষীৰ

ভুৱা চিকিৎসকৰ অভিযোগত এগৰাকী লোকক আটক কৰিছে মাজুলীৰ নয়াবজাৰ আৰক্ষীয়ে (fake doctor arrested) ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অৰবিন্দ নামৰ লোকজনে চিকিৎসকৰ ডিগ্ৰী নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি চলাই আহিছিল চিকিৎসা সেৱা ৷

Nayabazar police arrest a fake doctor
এগৰাকী ভুৱা চিকিৎসকক আটক মাজুলী আৰক্ষীৰ

By

Published : Dec 13, 2021, 7:46 PM IST

মাজুলী, 13 ডিচেম্বৰ :মাজুলীৰ লাচোন গাঁৱত চিকিৎসা সেৱা আগবঢ়াই অহা এগৰাকী লোকৰ বিৰুদ্ধে বিৰুদ্ধে উত্থাপিত হৈছে ভুৱা চিকিৎসকৰ অভিযোগ ৷ ইতিমধ্যে এক গোপন সূত্ৰৰ পম খেদি মাজুলীৰ লাচোন গাঁৱত থকা চিকিৎসক গৰাকীৰ চেম্বাৰত অভিযান চলাই নয়াবজাৰ আৰক্ষীয়ে ৷ তদুপৰি চিকিৎসক গৰাকীক আটক কৰা কথা সদৰী কৰিছে আৰক্ষীয়ে(Nayabazar police arrest a fake doctor) ৷

মাজুলীৰ নয়াবজাৰ আৰক্ষী চকীৰ এটা দলে ভুৱা চিকিৎসকৰ অভিযোগত আটক কৰা লোক গৰাকীৰ নাম অৰবিন্দ ঘোষ । আৰক্ষীৰ সূত্ৰৰ সদৰী কৰা মতে, এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অৰবিন্দ নামৰ লোকজনে চিকিৎসকৰ ডিগ্ৰী নোহোৱাকৈয়ে দীৰ্ঘদিন ধৰি চলাই আহিছিল চিকিৎসা সেৱা ৷ তদুপৰি বিভিন্ন ৰোগৰ ঔষধো বিক্ৰী কৰি আহিছিল লোকজনে ৷

এগৰাকী ভুৱা চিকিৎসকক আটক মাজুলী আৰক্ষীৰ

লোকজনৰ চেম্বাৰত অভিযান চলাই আৰক্ষীয়ে বহু নথি-পত্ৰ জব্দ কৰাৰ লগতে বিভিন্ন ৰোগৰ ঔষধসমূহো জব্দ কৰিছে ৷ লগতে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লোকজন ভূৱা চিকিৎসক হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ লোকজনৰ পৰা 1995 চনতে বৈধতা শেষ হোৱা এখন অনুজ্ঞাপত্ৰও জব্দ কৰা হৈছে ৷ সকলো কথা তদন্তৰ পাছতহে স্পষ্ট হ'ব বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

ইফালে, স্থানীয় লোকে চিকিৎসক গৰাকীৰ সন্দৰ্ভত সদৰী কৰা মতে, লোকজন দীৰ্ঘদিন ধৰি মাজুলী লাচোন গাঁৱত এটা চেম্বাৰ খুলি বিভিন্নজনৰ সততে দেখা দিয়া সাধাৰণ কিছুমান ৰোগৰ চিকিৎসা কৰি আহিছিল আৰু ঔষধো বিক্ৰী কৰি আহিছিল ৷ ইয়াৰ দ্বাৰা অঞ্চলটোৰ লোক সকলে বহু পৰিমাণে উপকৃত হৈছিল ৷ কিয়নো অঞ্চলটোৰ ওচৰে-পাজৰে কোনো ধৰণৰ ঔষধৰ বিপনী তথা চিকিৎসালয় নাই বুলি সদৰী কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছত বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ ইছ্যু নোহোৱা হ'ল : শিক্ষামন্ত্ৰী

ABOUT THE AUTHOR

...view details