অসম

assam

By

Published : Mar 23, 2021, 7:15 PM IST

ETV Bharat / state

ভুৱা সেনা বাহিনী লৈ মৈৰাবাৰীত আমিনুলৰ গুণ্ডাগিৰি

ভুৱা আৰ্মি বাহিনী লৈ মৈৰাবাৰীত আমিনুল ইছলামে গুণ্ডাগিৰী চলোৱাৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে মৈৰাবাৰীত স্থানীয় ৰাইজে পহু খেদা দিয়ে ভুৱা আৰ্মি সহ বিধায়ক আমিনুলক । সৈন্য বাহিনী লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰৰ মাজেদি শক্তি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

ভুৱা সেনা বাহিনী লৈ মৈৰাবাৰীত আমিনুলৰ গুণ্ডাগিৰি
ভুৱা সেনা বাহিনী লৈ মৈৰাবাৰীত আমিনুলৰ গুণ্ডাগিৰি

ধিং, 23 মাৰ্চ: ৰাজ্যত অব্যাহত আছে নিৰ্বাচনী গৰম বতাহ । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত মৈৰাবাৰীত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিবাসীয়ে । ভুৱা আৰ্মি বাহিনী লৈ মৈৰাবাৰীত আমিনুল ইছলামে গুণ্ডাগিৰী চলোৱাৰ অভিযোগ উত্থাপন হৈছে । মঙলবাৰে মৈৰাবাৰীত স্থানীয় ৰাইজে পহু খেদা দিয়ে ভুৱা আৰ্মি সহ বিধায়ক আমিনুলক । সৈন্য বাহিনী লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰৰ মাজেদি শক্তি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ পৰৱৰ্তী সময়ত ক্ষুব্ধ জনতাই 5 জন জোৱানক আটক কৰা মাত্ৰকে বাকী সেনা বাহিনীসহ বিধায়ক আমিনুলে দৌৰি পলায়নৰ চেষ্টা কৰে ৷

ভুৱা সেনা বাহিনী লৈ মৈৰাবাৰীত আমিনুলৰ গুণ্ডাগিৰি

কিন্তু আটক হোৱা সেনা জোৱান কেইজনক সোধ পোচ কৰোতেহে ওলাই পৰে ওৰহী গছৰ ওৰ ৷ দৰাচলতে বিধায়ক আমিনুলে একাংশ যুৱকক সেনাৰ সাজ পিন্ধাই ক্ষুব্ধ ৰাইজক ভয় খুৱাবৰ বাবেহে আনিছিল এটা গুণ্ডাবাহিনীক ৷ আটক হোৱা ভুৱা সেনাৰ জোৱান কেইজনৰ কাপোৰ খুলি আৰক্ষীক গতাই দিয়ে ৰাইজে । ইতিমধ্যে আমিনুলৰ ভুৱা সেনাৰ দলৰ গাড়ীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে লাঠি ।

বিধায়ক আমিনুলৰ এই কৰ্মকাণ্ডই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এতিয়া আৰক্ষী প্ৰশাসনে বিধায়ক আমিনুল ইছলামৰ প্ৰতি কি বিহিত ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক: কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ-

ABOUT THE AUTHOR

...view details