মৰিগাঁও,23 মাৰ্চ : মৰিগাঁৱৰ জোনবিলৰ পাৰত বিলুপ্তপ্ৰায় চিলনী ৷ মাছৰ সন্ধানত বিলৰ পাৰত বিচৰণ কৰি ফুৰিছে শ শ চিলনীয়ে ৷ দুষ্প্ৰাপ্য পক্ষীৰ ৰম্যভূমিত পৰিণত হৈছে নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা জোনবিলৰ পাৰ ৷
ক'ত ওলাইছে জাক জাক চিলনী? - etv assam
পৰিৱেশ প্ৰদূষণ আৰু ৰাজ্যৰ খাল-বিলসমূহৰ পৰা অভাৱনীয় হাৰত মাছ-পুঠি নোহোৱা হোৱাৰ ফলতে লুপ্তপ্ৰায় হোৱাৰ পথত একালৰ এইবিধ চিকাৰী পক্ষী ।
কেৱল প্ৰকৃতি জগতেই নহয়, অসমীয়া সাহিত্য জগতখনতো চিলনীৰ আছে এক বিশেষ স্থান ৷ গীত-মাতৰ লগতে অসমীয়া সাহিত্যৰ অন্যতম কল্প চৰিত্ৰ "চিলনী " য়ে প্ৰভাৱিত কৰি আহিছে প্ৰতিজন অসমীয়া সাহিত্যানুৰাগীক ।
জন বিস্ফোৰণ আৰু ৰাজ্যৰ খাল-বিলসমূহৰ পৰা অভাৱনীয় হাৰত মাছ-পুঠি নোহোৱা হোৱাৰ ফলতে লুপ্তপ্ৰায় হোৱাৰ পথত একালৰ এইবিধ চিকাৰী পক্ষী ।
শেহতীয়াকৈ ঐতিহাসিক জোনবিলৰ পাৰত জাকে-জাজে বিবিধ প্ৰজাতিৰ চিলনীয়ে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে অসমীয়া জাতীয় জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত বিবিধ প্ৰজাতিৰ চিলনীক সময় থাকোতে সংৰক্ষণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰকৃতিপ্ৰেমি সংগঠনসমূহক আহ্বান জনায় স্থানীয় ৰাইজে ৷