মৰিগাঁও, 15 এপ্ৰিল:মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত উদযাপন গোসাঁই বিহুৰ পৰম্পৰা ৷ গোঁসাই বিহুৰ দিনাই ধৰণী গোঁহাই নামৰ ব্যক্তিয়ে একাংশ শ্ৰমজীৱি মানুহৰ মাজত খাদ্য-সম্ভাৰ,নগদ ধন বিতৰণৰে আশীৰ্বাদ ল'লে ৰাইজৰ পৰা ৷ লক ডাউনৰ মাজতে গোসাঁই বিহুৰ পৰম্পৰা ৰক্ষাৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি মৰিগাঁৱৰ ধৰণী গোঁহাই নামৰ ব্যক্তিজনে 26 টাকৈ অভাৱগ্ৰস্ত পৰিয়ালক প্ৰদান কৰিলে ক্ৰমে চাউল 9 কিলোগ্ৰাম,আলু 4 কিলোগ্ৰাম,পিঁয়াজ 1 কিলোগ্ৰাম,ডালি 1 কিলোগ্ৰাম,মিঠাতেল আধালিটাৰ,চেনী 1 কিলোগ্ৰাম,গাখীৰ আধা লিটাৰ,চাহপাত 100 গ্ৰাম আৰু চাবোনসহ একোখনকৈ মাক্স ৷
মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত উদযাপন গোসাঁই বিহুৰ পৰম্পৰা - Exceptional Gokhai bihu celebrated at Morigaon
মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত উদযাপন গোসাঁই বিহুৰ পৰম্পৰা ৷ ধৰণী গোঁহাই নামৰ ব্যক্তিয়ে পালন কৰিলে এই বিহু ৷
![মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত উদযাপন গোসাঁই বিহুৰ পৰম্পৰা Exceptional Gokhai bihu celebrated at Morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6805963-thumbnail-3x2-p1.jpg)
মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত উদযাপন গোসাঁই বিহুৰ পৰম্পৰা
মৰিগাঁৱত ব্যতিক্ৰমী ৰূপত উদযাপন গোসাঁই বিহুৰ পৰম্পৰা
উল্লেখ্য যে শ্ৰমজীৱি লোকসকলে লক ডাউনৰ ফলত কোনো ধৰণৰ কাম বন কৰিব নোৱাৰাৰ বাবে সাধাৰণ ঔষধপাতি কিনিবলৈ হাতত টকা পইচা নথকাৰ বাবে ধৰণী গোঁহাই নামৰ ব্যক্তিজনে 26 টা পৰিয়ালক প্ৰদান কৰে নগদ 500 টকাকৈ ৷ ইমানেই নহয় সমান্তৰালভাৱে লক ডাউনৰ সকলো নিৰ্দেশনা তথা সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহবান ধৰণী গোঁহাই নামৰ এইজন ব্যক্তিজনৰ ৷