মৰিগাঁও,11 জুনঃ জটিল ৰোগত আক্ৰান্ত মৰিগাঁৱৰ মেধাৱী ছাত্ৰ ৰিয়াজ আলীৰ বিষয়ে ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পাছতেই ছাত্ৰজনৰ জীৱনলৈ আহিছে আশাৰ বতৰা ৷ মৰিগাঁও জালুগুটি উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্ৰ জনৰ ঘৰলৈ বৈছে জনপ্ৰতিনিধিৰ সোঁত ৷ ঘটনাৰ বিৱৰণী মতে,সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত চিকিৎসাধীন হৈ থকাৰ পাছতো ৯৫% নম্বৰ লাভেৰে নিজ আঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৰিয়াজ আলীয়ে ৷ ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া পিতৃহীন ৰিয়াজৰ পৰিয়ালে ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হৈছিল তীব্ৰ আৰ্থিক সংকটৰ ৷
জটিল ৰোগক প্ৰত্যাহ্বান জনাই পৰিয়াল তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ৰিয়াজৰ বিষয়ে প্ৰথমবাৰৰ বাবে বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছিল ইটিভি ভাৰত অসমে ৷ এই বাতৰি প্ৰকাশৰ পাছতেই বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী,অগপ দলৰ কেন্দ্ৰীয় সম্পাদক মনোজ শইকীয়া,অসমীয়া চলচ্চিত্ৰ প্ৰযোজক বাণী দাসৰ লগতে বিভিন্ন জনে আদৰণি জনাইছে দৃঢ় মনোবলৰ গৰাকী ৰিয়াজক ৷ শুভেচ্ছা জ্ঞাপন কৰিবলৈ মৰিগাঁও জালুগুটি টকোনাবড়ী গাঁৱৰ ৰিয়াজৰ ঘৰলৈ আহিল বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি ৷