ধিং, 12 জুলাই :ৰাজ্যত অব্যাহত আছে বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ (Flood and Erosion in Assam) ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অতিষ্ঠ কৰি তুলিছে নদীপৰীয়া ৰাইজক ৷ প্ৰতি মূহুৰ্তত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে ইখনৰ পাচত সিখন গাঁও ৷
ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লেখীয়াকৈ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া মহমৰা গাঁৱতো যোৱা কিছুদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া (Brahmaputra river Erosion in Morigaon) ৷ এই খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন সময়ত মৈৰাবাৰী অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আহিছে যদিও ৰাইজৰ আবেদনে গা লৰাব পৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷
আনকি এই ক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদ গৌৰৱ গগৈৰ পৰাও কোনো সঁহাৰি নাপালে অঞ্চলটোৰ ৰাইজে ৷ উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নিজে খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহে ৷ হাতে হাতে কোৰ, পাচি লৈ সোমবাৰে পুৱাই খহনীয়া ৰোধ কৰিবলৈ অঞ্চলটোৰ ৰাইজ ওলাই অহা দেখা গ’ল ৷