মৰিগাঁও, 23 মাৰ্চ :মৰিগাঁও মহাবিদ্যালয়ত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক নামেৰে এক সপ্তাহযোৰা কাৰ্যসূচী আৰম্ভ হৈছে ৷ অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত মৰিগাঁও মহাবিদ্যালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে এই সপ্তাহযোৰা কাৰ্যসূচী ৷ Environment Education Programme চমুকৈ EEP ৰ অধীনত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব এই কাৰ্যসূচীত ৷
পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া, যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয় ৷ জনসংখ্যাৰ সম্পৰ্ক, প্ৰদূষণ, সম্পদৰ আৱণ্টন আৰু নিঃশেষ, সংৰক্ষিত পৰিবহণ প্ৰযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক ইয়াৰ ভিতৰত সামৰি লোৱা হৈছে । ইফালে প্লাষ্টিকৰ ব্যৱহাৰে এফালৰ পৰা শেষ কৰি আনিছে পৃথিৱীখন ৷ চিংগল ইউজ প্লাষ্টিকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে পৃথিৱীখনক ৷ এই প্লাষ্টিকৰ ব্যৱহাৰ কিদৰে এৰাই চলিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰা হ’ব এই সপ্তাহযোৰা কাৰ্যসূচীত (Environment Education Programme) ৷