পবিতৰা ,28 এপ্ৰিল: পবিতৰা অভয়াৰণ্য সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ নাগৰিকে বেদখল কৰা বুলি সততে উত্থাপিত অভিযোগৰ বিপৰীতে এইবাৰ স্বয়ং পবিতৰা অভয়াৰণ্যৰ বিৰুদ্ধে ব্যক্তিগত মাটি বেদখলৰ অভিযোগ ৷
বিতৰ্কত পবিতৰাঃ বনবিভাগৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ - ভূমি বেদখল বন বিভাগ
বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাক লৈ বিৰ্তক । কি এই বিৰ্তক এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷
মৰিগাঁও বাছনাঘাটৰ নৰেন্দ্ৰ নাথৰ বিস্ফোৰক অভিযোগ । পবিতৰা বনাঞ্চলিক বিভাগে মায়ং মৌজাৰ মায়ং কিচামতৰ 308 নং পট্টাৰ 774 দাগৰ 4/1/12 বিঘা ব্যক্তিগত মাটি দীৰ্ঘ বছৰ ধৰি বেদখল কৰি আছে ৰাজ্যৰ বিয়াগোম বনবিভাগে ৷ পৰিয়ালটোৱে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক মিনতি কৰি আহিছে যদিও ফলধৰা নাই । মনকৰিবলগীয়া কথা যে, সংশ্লিষ্ট চক্ৰ বিষয়াৰ এক প্ৰতিবেদনটো এই কথা স্পষ্ট কৰিছে ।
ইফালে অভিযোগকাৰীৰ মতে গুৱাহাটী বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ বৰমূৰীয়া তথা পবিতৰা বনাঞ্চলিক বিভাগে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তথা যথোচিত মূল্য দিলে এই ভূমি এৰি দিব বনবিভাগক । যদি তাকে নকৰে আইনৰ আশ্ৰয় ল’ব ভূমি গৰাকী নৰেন নাথে ৷ উল্লেখ্য যে, মৰিগাঁও বাছনাঘাটৰ নৰেন চন্দ্ৰ নাথৰ পৰা অগ্ৰীম খাজনা লৈ থকা ৰাজহ বিভাগে বেদখলৰ সন্দৰ্ভত উত্থাপিত অভিযোগত কাৰ পক্ষ লয় । মনকৰিবলগীয়া বিষয় এয়ে যে বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ৰম্যভূমিক কেনেদৰে বিৰ্তক মুক্ত কৰিব পাৰিব এইটো কোটিটকীয়া প্ৰশ্ন ।