মৰিগাঁও,11 জুলাই : মৰিগাঁৱত তাচপাতৰ দৰে খহিল কোটিটকীয়া ৰিংবান্ধ। মৰিগাঁৱৰ লাহৰীঘাটত আৰু ভূৰাগাঁৱত আতংকময় পৰিস্থিতি । মথাউৰি নিৰ্মাণৰ নামত ৰিং বান্ধেৰে বলিয়া বানক ভেটাৰ পৰিণাম ।
বাঢ়নী পানীয়ে উটুৱাই নিলে ৰিং বান্ধঃ লাহৰীঘাটত হাহাকাৰ পৰিস্থিতি - ইটিভি ভাৰত
জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । মৰিগাঁও জলসম্পদ বিভাগে মথাউৰিৰ পৰিৱৰ্তে এনেদৰে অসম্পূৰ্ণকৈ ৰিংবান্ধ নিৰ্মাণ কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাইছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷
ETV BHARAT
বৃহস্পতিবাৰে পুৱা মৰিগাঁৱৰ লাহৰীঘাটৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী উটুৱাই নিলে কোটিটকীয়া ৰিংবান্ধ । ৰিং বান্ধটোৰ ছিগা অংশৰে হোৰাহোৰে সোমাইছে পানী । ফলত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
মৰিগাঁও জলসম্পদ বিভাগে মথাউৰিৰ পৰিৱৰ্তে এনেদৰে অসম্পূৰ্ণকৈ ৰিংবান্ধ নিৰ্মাণ কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাইছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷