অসম

assam

ETV Bharat / state

বানত দিশহাৰা বন্যপ্ৰাণীঃ এতিয়াও ঠায়ে-ঠায়ে উদ্ধাৰ মৃতদেহ

পবিতৰাৰ প্ৰায় ৫০ শতাংশ এলেকা এতিয়াও বানৰ কবলত । আনহাতে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী জীয়াজুৰিত বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

By

Published : Jul 24, 2019, 8:43 PM IST

বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ

ব্যুৰ ৰিপ'ৰ্ট, 24 জুলাইঃ পবিতৰা অভয়াৰণ্যত তিনিমহীয়া গঁড়ৰ পোৱালিৰ মৃত্যু ৷ নগাওঁ কাৰ্বি আংলং সীমান্তত উদ্ধাৰ বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ। পবিতৰা অভয়াৰণ্যত মৃত্যুমুখত পৰিল তিনিমহীয়া গঁড়ৰ পোৱালিৰ ৷ অভয়াৰণ্যখনৰ হাতীকেম্প হাইলেণ্ডৰ কাষত উদ্ধাৰ হৈছে চলিত বানত মৃত্যু হোৱা গঁড় পোৱালিটোৰ মৃতদেহ ৷ বানপানীৰ মাজতে অন্য গঁড়ে খুন্দিয়াই গঁড় পোৱালিটোক নিহত কৰাৰ সন্দেহ বন বিভাগৰ । উল্লেখ্য যে পবিতৰাৰ প্ৰায় ৫০ শতাংশ এলেকা এতিয়াও বানৰ কবলত ।

পবিতৰা অভয়াৰণ্যত তিনিমহীয়া গঁড়ৰ পোৱালিৰ মৃত্যু

আনহাতে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী জীয়াজুৰিত বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । কেইবাদিনৰ পূৰ্বে পাহাৰৰ পৰা এটা আঘাতপ্ৰাপ্ত হাতী নামি অহা পৰিলক্ষিত হৈছিল ৷ ৰাইজৰ সন্দেহ মতে উক্ত আঘাতৰ ফলত মৃত্যুমুখত পৰিছে হাতীটো ৷ উল্লেখযোগ্য যে কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা হাতীটোৰ সন্দৰ্ভত কোনো তথ্য নাছিল বন বিভাগৰ হাতত। স্থানীয় ৰাইজে বুধবাৰে পুৱা প্ৰত্যক্ষ কৰি খবৰ দিছিল বন বিভাগক। লগে লগে ততাতৈয়াকৈ মৃতদেহ সমাধিস্থ কৰিলে বন বিভাগে।

বন্যহস্তীৰ অৰ্ধগলিত মৃতদেহ

ABOUT THE AUTHOR

...view details