ধিং,5 জানুৱাৰী: বিগত ২০১৮ চনত ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমা দাসে এথেলেটিকছৰ বিশ্ব জুনিয়ৰ খিতাপ অৰ্জন কৰাৰ পিছতে জন সমুদ্ৰত পৰিণত হৈছিল ধিঙৰ কান্ধুলিমাৰীৰ হিমাৰ বাসগৃহ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি প্ৰায় সংখ্যক মন্ত্ৰী, বিধায়ক তথা প্ৰশাসনিক বিষয়াৰ আগমন ঘটিছিল কান্ধুলিমাৰী গাঁৱলৈ ৷ হিমাৰ গাঁৱখন সকলো প্ৰকাৰে উন্নয়ন কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল অসম চৰকাৰে ৷ ইয়াৰে অন্যতম আছিল সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন কৰি গাঁৱখনত বিদ্যুতৰ মাধ্যমেৰে পোহৰাই তোলা ৷
অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও - সৌৰশক্তি
হিমাৰ গাঁৱখনৰ উন্নয়ন সাধনৰ উদ্দেশ্যে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল অসম চৰকাৰে ৷ ইয়াৰে অন্যতম আছিল সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন ৷ কিন্তু এই আঁচনি কাৰ্যকৰী কৰাৰ পিছৰে পৰা বিকল হৈ পৰে ষ্ট্ৰীট লাইটসমূহ ৷
![অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও electricity services deduct in hima das's place dhing marigaon assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10125156-thumbnail-3x2-a.jpg)
অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও
অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও
উল্লেখ্য যে, আঁচনি অনুসৰিয়ে সেই বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে বটদ্ৰৱা উন্নয়ন খণ্ডই পথৰ দুয়োকাষে বিজুলী বাতিৰ খুঁটা স্থাপন কৰি পোহৰাই তোলে গাঁৱখন ৷ কিন্তু এই খুঁটা স্থাপনৰ কেইবামাহৰ পিছতে বিকল হৈ পৰাত এন্ধাৰত ডুব যায় কান্ধুলিমাৰী ৷ তাৰপিছৰে পৰা গাঁৱবাসীয়ে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বিষয়টো সম্পৰ্কে অৱগত কৰে যদিও আজি পৰ্যন্ত বিভাগে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ৷
লগতে চাওকঃধূলিৰ পৰা পৰিত্ৰাণ বিচাৰি কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ