মৰিগাঁও, 26 জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন আন ৰাজনৈতিক দল সমূহৰ দৰে প্ৰচাৰত ব্যস্ত হৈ পৰিছে সদ্যগঠিত আঞ্চলিকতাবাদী দল ৰাইজৰ দল ৷ বিভিন্ন ঠাইৰ লগতে সোমবাৰে মৰিগাঁও জিলাৰ জিলা মিডিয়া ক্লাবত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ৷
মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা
ৰাজ্যৰ আন আন ৰাজনৈতিক দল সমূহৰ দৰে প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাইজৰ দল ৷ সোমবাৰে মৰিগাঁও জিলাত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ সমিতি কেইখনৰ বিষয়ে কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷
মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা
উল্লেখ্য যে,সভাখনত জিলাখনৰ ৭৯ নং জাগীৰোড,৮০নং মৰিগাঁও আৰু ৮১নং লাহৰীঘাট বিধানসভা সমষ্টিৰ সমিতি কেইখনৰ সভাপতি সম্পাদক সকলক লৈ কৰা আলোচনাৰ পিছতে কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ লগতে তিনিওটা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম অচিৰেই ৰাজহুৱা কৰিব বুলি জিলা সভাপতি ৰাতুল হাজৰিকাই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মাণ