মৰিগাঁও, 16 এপ্ৰিল : দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লখিমপুৰৰ বিজেপিৰ প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ মৰিগাঁও বিধানসভা সমষ্টিৰ কাঁহিবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ লগতে ৰূপক শৰ্মাক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰি আকৌ এবাৰ মোডীক প্ৰধানমন্ত্ৰী পাতিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷
কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ - লোকসভা নিৰ্বাচন
নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলালে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী তথা সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে ।
ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ
ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাঁচখন আসনতেই বিজেপি জয়ী হোৱাৰ লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো আটাইকেইখন আসনতে বিজেপিৰ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই ৷