অসম

assam

ETV Bharat / state

মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ পদযাত্ৰা

কেইবা হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়কগৰাকীৰ ৷

By

Published : Apr 15, 2019, 11:55 PM IST

ৰমাকান্ত দেউৰীৰ পদযাত্ৰা

ৰহা, 15 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোট গ্ৰহণৰ প্ৰাকক্ষণত সোমবাৰে ৰহাৰ নিকটৱৰ্তী মণিপুৰটোপ পঞ্চায়তৰ পৰা বৃহৎ পদযাত্ৰাৰে বিধায়ক ৰমাকান্ত দেউৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ কেইবা হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত বিধায়কগৰাকীয়ে নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰচাৰ চলাই নিৰ্বাচনত মৰিগাঁৱ বিধানসভা সমষ্টিৰ পৰা প্ৰায় ডেৰলক্ষাধিক ভোট বিজেপিয়ে লাভ কৰাৰ লগতে নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়লাভ কৰিব বুলিও মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে ।

ৰমাকান্ত দেউৰীৰ পদযাত্ৰা

ইপিনে বিধায়কগৰাকীৰ সৈতে পদযাত্ৰা কাৰ্যসূচীত উপস্থিত থাকি সাংসদ তথা লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই নগাঁৱত ৰূপক শৰ্মা জয়ী হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে ৷ লগতে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক মাৰ্ঘেৰিটাৰ ৰাইজে ৰিজেক্ট কৰা পাচত নগাঁৱলৈ আহিছে আৰু নগাঁৱৰ ৰাইজে ৰিজেক্ট প্ৰাৰ্থী গৰাকীক কেতিয়াও সমৰ্থন আগবঢ়ায় বুলিও মন্তব্য কৰে প্ৰদান বৰুৱাই ।

ABOUT THE AUTHOR

...view details