ধিং,27মেঃ বুধবাৰে নতুনকৈ মৰিগাঁও জিলাৰ মুঠ 8 জন লোক দেহত কৰ‘ণা আক্ৰান্ত বুলি ধৰা পৰে ৷ আটাইকেইজন বহিঃৰাজ্যৰ পৰা আহি মৈৰাবাৰী হাই স্কুলৰ ছোৱালী আৱাসত কোৱাৰেন্টাইন হৈ আছিল 22মে তাৰিখৰ পৰা ৷ ইপিনে কৰ‘ণা আক্ৰান্ত ধৰা পৰা লোককেইজনক বৰ্তমান মৰিগাঁও চিকিৎসকৰ দলে চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে ৷
মৈৰাবাৰীত কোৱাৰেন্টাইন চেন্টাৰত 8 জনৰ দেহত কোভিড-19 - বহিঃৰাজ্য
মৰিগাঁৱৰ মৈৰাবাৰী হাইস্কুল ছাত্ৰী নিবাসৰ কোৱাৰেন্টাইন চেন্টাৰত 8 জনৰ দেহত কৰ'ণা পজিটিভ ৷ উন্নত চিকিৎসাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ ৷
![মৈৰাবাৰীত কোৱাৰেন্টাইন চেন্টাৰত 8 জনৰ দেহত কোভিড-19 dhing moirabari high school qurantine center migrant labure](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7364674-750-7364674-1590576109293.jpg)
মৈৰাবাৰীত কোৱাৰেন্টাইন চেন্টাৰত 8 জনৰ দেহত কোভিড -19
মৈৰাবাৰীত কোৱাৰেন্টাইন চেন্টাৰত 8 জনৰ দেহত কোভিড -19
আক্ৰান্তসকল ক্ৰমে আকিবুৰ ৰহমান, ৰচিদুল ইছলাম, মাজহাৰুল ইছলাম, আজহাৰুল ইছলাম, মঞ্জুহাৰী ইছলাম, ৰছিদুল ইছলাম, মুজাহাৰি ইছলাম, হবিবুৰ ৰাহমান ৷ ইপিনে ইয়াৰে ভিতৰত দুজন ছাত্ৰও আছে ৷ এই আঠজনৰ দুজন উত্তৰ প্ৰদেশৰ পৰা বাছেৰে আৰু আন ছজন চেন্নাই পৰা ট্ৰেইনেৰে আহি মৈৰাবাৰীত কোৱাৰেণ্টাইনত আছিল ।
লগতে পঢ়কঃ প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ