অসম

assam

ETV Bharat / state

তিনিবাৰকৈ পূজাৰ বেদী সলনি কৰা এখন দুৰ্গা পূজা

মৰিগাঁৱৰ ভূৰাগাঁৱৰ লেঙেৰীবড়ীৰ এই পূজাৰ বেদীৰে জড়িত সহস্ৰাধিক লোকৰ হা-হুমুনিয়াহ । বিগত 65 টা বছৰে এই খন লেঙেৰীবড়ীতে মহা আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ বিগত তিনিবছৰে অঞ্চলজুৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া ৷

By

Published : Oct 5, 2019, 7:20 PM IST

তিনিবাৰকৈ পূজাৰ বেদী সলনি কৰা এখন দুৰ্গা পূজা

মৰিগাঁও, 5 অক্টোবৰ: এবাৰ দুবাৰ নহয় তিনিবাৰ পূজাৰ বেদী সলনি কৰা ৰাজ্যৰ এখন বিশেষ পূজা ৷ শাৰদীয় দুৰ্গোৎসৱত বিগত তিনি বছৰে মা দুৰ্গাৰ বেদীৰ স্থান সলনি কৰিব লগা হৈছে এই পূজাথলীত ৷ মৰিগাঁৱৰ ভূৰাগাঁৱৰ লেঙেৰীবড়ীৰ এই পূজাৰ বেদীৰে জড়িত সহস্ৰাধিক লোকৰ হা-হুমুনিয়াহ । বিগত 65 টা বছৰে এই খন লেঙেৰীবড়ীতে মহা আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷

কিন্তু বিগত তিনিবছৰে অঞ্চলজুৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া ৷ ফলত ইয়াৰ বাসিন্দা সকলৰ ঘৰবাৰী, অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে এই পূজাৰ বেদীও সলনি কৰিবলগীয়া হয় ভক্তপ্ৰাণ ৰাইজে ৷ বৰ্তমান অৱস্থাত পূজা ভাগ অনুষ্ঠিত কৰিবলৈও অৰ্থৰ লগতে মানুহৰ অভাৱ হোৱাৰ কথা প্ৰকাশ কৰে অঞ্চলবাসীয়ে ৷ সেয়েহে মাত্ৰ নিয়ম মাফিক তেল-শলিতা জ্বলাই উদযাপন কৰিব লগা হৈছে এই পৰম্পৰাগত শাৰদীয় দুৰ্গোৎসৱ । দুখ আৰু উদ্ধেগজনক বিষয় এয়ে যে, বিগত তিনিদিনে অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মহা দশমীলৈকে অৰ্থাৎ মা দুৰ্গাৰ বিসৰ্জনলৈকে পূজাস্থলী থাকিবগৈ নাই তাৰো নিশ্চয়তা নাই ৷ এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে মৰিগাঁৱৰ লেঙেৰীবড়ীৰ ভক্তগণ ৷

তিনিবাৰকৈ পূজাৰ বেদী সলনি কৰা এখন দুৰ্গা পূজা

ABOUT THE AUTHOR

...view details