মৰিগাঁও,23অক্টোবৰঃ য়া দেবী সৰ্বভূতেস্বো শক্তি ৰপে ন সংস্থিতা, নমোঃ তস্তৈ নমোঃ তস্তৈ নমোঃ নমঃ.. এনে দৰেই ঢাকঢোল কাঁহ, পুৰোহিতৰ মন্তোচাৰণত মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ। মৰ্হিষ মৰ্দিনী, কত্যায়িনী, অন্নদাত্ৰী মা দূৰ্গাক সন্তোষ কৰাৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰিছে মৰিগাঁও দৈনিক বজাৰৰ দূৰ্গা পূজাস্থলীত ।
মৰিগাঁৱত অনুষ্টুপীয়াকৈ দুৰ্গা-পূজা পালন - durga puja celebration
ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰিগাঁৱতো অনুষ্ঠিত শাৰদীয় দুৰ্গা পূজা উৎযাপন। মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে ক’ভিড-19ৰ প্ৰ'টকল ৰক্ষা কৰি পূজা উদযাপন সমিতি সমূহে কেৱল ফ্লেক্স (flex) 10/8 আৰি বৈদিক ৰীতিৰে পালন কৰিছে দূৰ্গতিনাশিনী, মৰ্হিষমৰ্দিনীৰ আৰাধনা ।
![মৰিগাঁৱত অনুষ্টুপীয়াকৈ দুৰ্গা-পূজা পালন durga puja celebration at morigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9287892-822-9287892-1603462807736.jpg)
মৰিগাঁৱত অনুষ্টুপীয়াকৈ দুৰ্গা-পূজা পালন
মৰিগাঁৱত অনুষ্টুপীয়াকৈ দুৰ্গা-পূজা পালন
মনকৰিবলগীয়া যে এইবাৰ ক’ভিড-19ৰ প্ৰট’কলৰ কাৰণে 10/8 বেনাৰৰ তলত বৈদিক ৰীতি মতে পূজাৰ বেদীত সংস্থাপিত কৰি শতৰূপা মা দূৰ্গাৰ প্ৰাৰ্থনা কৰিছে ।
লগতে পঢ়কঃ অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী