অসম

assam

By

Published : Dec 16, 2020, 10:38 PM IST

ETV Bharat / state

তিৱা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও-মৰিগাঁৱত 'ড্ৰাই ডে' ঘোষণা

তিৱা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও আৰু মৰিগাঁও জিলাত বুধবাৰৰ পৰা চাৰি দিনীয়া 'ড্ৰাই ডে' ঘোষণা কৰিছে প্ৰশাসনে । 'ড্ৰাই ডে' ঘোষণা কৰাৰ প্ৰথম দিনাই বিলাতী সুৰা সহ এজনক গ্ৰেপ্তাৰ কৰিছে ধিং আবকাৰী বিভাগে ।

dry-day-declared-in-nagaon-marigaon
তিৱা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও-মৰিগাঁৱত 'ড্ৰাই ডে' ঘোষণা

চামগুৰি, 16 ডিচেম্বৰ : তিৱা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও আৰু মৰিগাঁও জিলাত বুধবাৰৰ পৰা চাৰি দিনীয়া 'ড্ৰাই ডে' ঘোষণা কৰিছে প্ৰশাসনে । 'ড্ৰাই ডে' ঘোষণা কৰাৰ প্ৰথম দিনাই বিলাতী সুৰা সহ এজনক গ্ৰেপ্তাৰ কৰিছে ধিং আবকাৰী বিভাগে । গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম দীপক দাস বুলি জানিবলৈ দিয়ে আবকাৰী বিভাগে ৷

আটকাধীন লোকজন

তথ্য অনুসৰি, দিন দুপৰতে ধিং বজাৰত গোপনে বিলাতী সুৰা বিক্ৰী কৰি আছিল লোকজনে । লোকজনৰ পৰা বহু পৰিমানে বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে ৷

লগতে পঢ়ক :ৰাসায়নিক পদ্ধতিৰে নহয় জৈৱিক পদ্ধতিৰে খেতি খাৰুপেটীয়াত

ABOUT THE AUTHOR

...view details