অসম

assam

ETV Bharat / state

লাহৰিঘাট আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী - লাহৰিঘাট আৰক্ষী

বুধবাৰে লাহৰিঘাট গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ ব্যৱসায়ী । ধিঙৰ আটি গাঁৱত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ব্যৱসায়ীটোৰ নাম জন আবু হানিফ ।

লাহৰিঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ ব্যৱসায়ী
লাহৰিঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ ব্যৱসায়ী

By

Published : Apr 28, 2021, 5:01 PM IST

ধিং, ২৮ এপ্ৰিল: ড্ৰাগছৰ ক'লা বেহাৰে জড়িত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান লাহৰিঘাট আৰক্ষীৰ । ধিঙৰ আটি গাঁৱত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ ব্যৱসায়ী । গোপন সূত্ৰৰ পম খেদি লাহৰিঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত অভিযান চলাইছিল আৰক্ষীৰ এটা দলে । ধৃত ব্যৱসায়ীটোৰ নাম জন আবু হানিফ ।

আৰক্ষীয়ে ব্যৱসায়ীটোৰ পৰা ড্ৰাগছ ব্যৱসায়ত ব্যৱহৃত বহু কেইটা কণ্টেইনাৰ আৰু নিচাজাতীয় ঔষধ জব্দ কৰে । সম্প্ৰতি লাহৰিঘাটৰ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি

ABOUT THE AUTHOR

...view details