মৰিগাঁও,1ফেব্ৰুৱাৰীঃদেওবাৰে মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পমখেদি অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । অভিযানৰ সময়ত আৰক্ষীয়ে দুই কন্টেইনাৰ ড্ৰাগছ সহ চাফিকুল ইছলাম আৰু আমিৰ হামজত নাম দুই সৰবৰাহকাৰীক আটক কৰে ।
জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী - অভিযানত দুই কন্টেইনা
জাগীৰোড আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান। অভিযানত দুই কন্টেইনাৰ ড্ৰাগছ সহ চাফিকুল ইছলাম আৰু আমিৰ হামজত আটক।
![জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10453372-676-10453372-1612145039281.jpg)
জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী
জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী
উল্লেখযোগ্য যে,জাগীৰোডৰ ড্ৰাগছৰ অন্যতম ঘাটি শিলভাঙাৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই দুই ড্ৰাগছ সৰবৰাহকাৰীক । ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে এই দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ 53 সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ সামৰণি