অসম

assam

By

Published : May 6, 2021, 10:23 AM IST

ETV Bharat / state

লাহৰীঘাটত আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

নিশা লাহৰীঘাট আৰক্ষীৰ অভিযানত আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া মতিউৰ ৰহমান । ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমান (২৯) ৰ বাসগৃহৰ পৰা হাতে-লোটে ১৮ টা কন্টেইনাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ ।

drugs carried arrested at Morigaon
লাহৰীঘাটত আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

মৰিগাঁও, ৬ মে': মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ । প্ৰতি সপ্তাহত দুই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । বুধবাৰে নিশাও লাহৰীঘাট আৰক্ষীৰ জালত পৰে ড্ৰাগছ মাফিয়া মতিউৰ ৰহমান ।

১৮ টা ড্ৰাগছ কন্টেইনাৰ জব্দ

ঘটনাৰ বিৱৰণী মতে, জিলাখনৰ লাহৰীঘাট থানাৰ অন্তৰ্গত দাতিয়াল বঢ়ি গাঁৱৰ পৰা নিশা ১১ বজাত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলায় । উক্ত অভিযানকালত ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমান (২৯) ৰ বাসগৃহৰ পৰা হাতে-লোটে ১৮ টা ড্ৰাগছ কন্টেইনাৰ জব্দ কৰে ।

লগতে ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমানকো কৰায়ত্ব কৰে । সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহীৰ বিৰূদ্ধে গোটৰ নং ২৪৭/২১ ইউ এচ ২২ (এ) ২৯ এন ডি পি এচ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেল-হাজেতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: ৰাজ্যৰ ভিতৰত ক'ভিড আক্ৰান্ত জিলাৰ দ্বিতীয় স্থানত ডিব্ৰুগড়

ABOUT THE AUTHOR

...view details