মৰিগাঁও, ১ ডিচেম্বৰ: মৰিগাঁও জিলাৰ বৰবৰিত আজি অঞ্চলটোৰ ৰাইজৰ উদ্যোগত বৰবৰি জামে মছজিদ প্ৰাংগণত মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ আৰু দুৰ্নীতি নিৰ্মূল সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয় । আব্দুল কৰিমৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে যিবোৰ বস্তুৱে মগজুক বিপথে পৰিচালিত কৰি সমাজ কলুষিত কৰে সেইসমূহ বৰ্জন কৰিবলৈ কোৰাণ শ্বৰীফৰ প্ৰতিটো ছূৰা আৰু আয়াতে সদায় পৰামৰ্শ দি আহিছে । কোনো এটা জাতিক নিঃশেষ কৰিবলৈ সেই জাতিটোক এটা নিচাত আসক্ত কৰি দিলেই যথেষ্ট বুলি উল্লেখ কৰি তেওঁ সকলোকে নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।
নাৰী শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে কন্যাক সময়তকৈ পূৰ্বে বিয়া দিয়াটো এটা ডাঙৰ অপৰাধ । কাৰণ ইয়াৰ ফলত কেৱল ছোৱালীজনীৰে ক্ষতি নহয়, সমাজখনৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে । তেওঁ প্ৰসংগক্ৰমে তামোল, পাণ, চূণ আৰু ধঁপাতৰ মিশ্ৰণ কৰ্কট ৰোগৰ ভয়াৱহতাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে ।
তেওঁ কয় যে এখন সুস্থ আৰু সবল সমাজ গঢ় দিবলৈ সমাজৰ জ্যেষ্ঠসকলে কিছুমান সিদ্ধান্ত ল'ব লাগিব । আমাৰ ল'ৰা-ছোৱালীকো একে দৰিদ্ৰতাৰ কৰালগ্ৰাসলৈ যাতে ঠেলি দিবলগীয়া নহয় তাৰ বাবে কন্যাৰ শিক্ষাৰ প্ৰসাৰ আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰ তথা ড্ৰাগছ, বাল্য বিবাহ আদিৰ প্ৰচলন মুক্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।