মৰিগাঁও, 3 আগষ্ট:দেওবাৰে চলোৱা এক অভিযানত বৰবিহ স্বৰূপ ড্ৰাগছ হিৰ'ইন সৰবৰাহত জড়িত তিনিজনক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিগাঁও আৰক্ষীয়ে ।
ঘটনাৰ বিৱৰণী মতে দেওবাৰে সন্ধিয়া মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত চলা অভিযানত ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ এখন দুচকীয়া বাহনত নিষিদ্ধ ড্ৰাগছ সমূহ অনাৰ সময়তে ড্ৰাগছ ব্যৱসায়ী দিলদাৰ হোছেইন, চাহাবুদ্দিন আৰু চাদ্দাম মৰাল নামৰ তিনিজনক লোকক হাতে-লুটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷