এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰিগাঁও, 10 অক্টোবৰ : ৰোগীৰ প্ৰতি ইমান অৱহেলা কিয় চিকিৎসকৰ ? সোমবাৰে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকৰ অমনোযোগিতাৰ বাবেই মহিলা গৰাকীৰ মৃত্যু ঘটে বুলি অভিযোগ তুলিছে পৰিয়ালে ।
পৰিয়ালৰ অভিযোগ অনুসৰি শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা নাৰ্ছে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ বাবেই জণ্ডিচত আক্ৰান্ত মহিলাগৰাকী মৃত্যুমুখত পৰে । বিশেষকৈ চিকিৎসা মহাবিদ্যালয়খনত কৰ্তব্যৰত সকলোৱে এটা স্থানৰ পৰা বাৰে বাবে আন এটা স্থানলৈ চিকিৎসক বিচাৰি যাবলৈ আত্মীয়ক পৰামৰ্শ দিছিল ৷ চিকিৎসা কৰ্মীৰ অমনোযোগিতাৰ বাবেই তেওঁলোকে আত্মীয়ক হেৰুৱাৱলগীয়া হ’ল বুলি ক্ষোভ প্ৰকাশ কৰিছে ।
সোমবাৰে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ তুলিছে জণ্ডিচত আক্ৰান্ত লৈ মৃত্যুক সাৱটি লোৱা মহিলা গৰাকীৰ পৰিয়ালে । ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁৱৰ দীঘলবড়ী গাঁৱৰ হৰেমাই মেধি নামৰ মহিলা গৰাকীক শাৰীৰিক অসুস্থতা তথা জ্বৰ আৰু জণ্ডিচত আক্ৰান্ত হোৱাৰ বাবে দেওবাৰে দুপৰীয়া শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । চিকিৎসালয়খনত এগৰাকী নাৰ্ছে বিনামূলীয়া পৰীক্ষাৰ নামত দুশ টকা আদায় কৰে বুলিও অভিযোগ তুলিছে আত্মীয়ই ।
কৰ্তব্যৰত চিকিৎসকে যথোপযুক্ত চিকিৎসা সেৱা কৰাৰ পৰিৱৰ্তে অৱহেলা কৰাৰ ফলশ্ৰুতিতেই সোমবাৰে মহিলা গৰাকীয়ে মৃত্যুক আকোঁৱালি লয় বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে । ইয়াৰ পিচতে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ লগতে চিকিৎসক আৰু নাৰ্ছৰ ওপৰত মহিলা গৰাকীৰ পৰিয়ালৰ লোকসকল ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক :Child Protection Meeting : মৰিগাঁৱৰ জিলা আয়ুক্তৰ উপস্থিতিত শিশু সুৰক্ষা সম্পৰ্কীয় বৈঠক সম্পন্ন