মৰিগাঁও, 15 নৱেম্বৰ:সমগ্ৰৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তত উদযাপিত হ'ল পোহৰৰ উৎসৱ দীপাৱলী ৷ সাধাৰণ ৰাইজৰ লগতে কৰ্মত নিয়োজিত সকলেও উদযাপন কৰিলে পোহৰৰ এই উৎসৱ ৷
মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত জৰুৰী সেৱাত নিয়োজিত অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে কলপুলি ৰুই , চাকি জলাই কাৰ্যালয় প্ৰাংগণত থকা মন্দিৰত সেৱা কৰি দীপাৱলীৰ উদযাপন কৰে। উল্লেখ্য যে দীপাৱলী উদযাপনৰ মাজতে জোৱানসকলৰ নিয়মীয়া বিভাগীয় গণনা কাৰ্যসূচীও ৰূপায়ন কৰা হয় ৷
মৰিগাঁৱৰ চহৰ গ্ৰামাঞ্চল সকলোতে দীপাৱলী উদযাপন জিলাখনৰ আৱৰ্ত ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে ৰং বিৰঙৰ বিজুলি বাতিৰে ভৱনৰ চৌহদ আলোকিত কৰি তোলে ৷ মৰিগাঁও আৱৰ্ত্ত ভৱনত কৰ্মৰত তিনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ক্ৰমে দেৱ মেধি , ভবেন বৰা , সীমান্ত ডেকা আৰু এজন গৃহৰক্ষী জোৱানৰ প্ৰচেষ্টাত আৱৰ্ত ভৱনৰ চৌহদ উজ্বলি উঠে ।
ৰং বিৰঙৰ বিজুলি বাতিৰে আলোকিত হৈ উঠিল আৱৰ্ত্ত ভৱন ইফালে দীপাৱলী উদযাপনক লৈ প্ৰশাসনে জাৰি কৰা নিৰ্দেশাৱলী নামানি একাংশই উচ্চ শব্দ সম্পন্ন আতচবাজী ফুটোৱা পৰিলক্ষিত হ'ল ৷ মৰিগাঁৱৰ চহৰ তথা গ্ৰামাঞ্চল সকলোতে ৰাইজে একেই উচাহেৰে দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয় ৷
মৰিগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানৰ দীপাৱলী উদযাপন মৰিগাঁও চহৰৰ দৈনিক বজাৰৰ পূজা উদযাপন সমিতিৰ উদ্যোগতো দীপাৱলী উপলক্ষে অনুষ্ঠিত হোৱা পূজাৰ বেদীত ধূপ নৈবেদ্য আগবঢ়াই মা কালীৰ আশিস বিচাৰি ভকত বৈষ্ণৱ সকলে সোৱা লোৱা পৰিলক্ষিত হ'ল ৷
লগতে পঢ়ক :দীপাৱলীৰ শুভক্ষণত মংগলদৈত ৰংগোলী প্ৰতিযোগিতাৰ আয়োজন