মৰিগাঁও, 23 ছেপ্তেম্বৰ:300 বছৰৰ পৰা অপ্ৰতিৰোধ্যভাৱে শংখ-তাল, খোল-মৃদংগ, ডবা-নাগাৰাৰ শব্দই মুখৰিত কৰি ৰাখিছে সত্ৰখন ৷ মৰিগাঁৱৰ দামোদৰীয়া সত্ৰই ৰচিছে ইতিহাসৰ বহু সোণালী অধ্যায় ৷ দামোদৰ দেৱৰ শিষ্যসকলৰ লগতে একাংশ ভক্তপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাৰ ফলতে মৰিগাঁৱত গঢ় লৈ উঠিছিল সত্ৰখন ৷ তেতিয়াৰ পৰা এতিয়ালৈকে গুৰুজনাৰ আদৰ্শৰে নিৰন্তৰ গতিত প্ৰকাশি আছে নৱ বৈষ্ণৱ ধৰ্মৰ খুটি ৷ আজিও ভিন্ন স্থানৰ ৰাইজে আহি শৰণ লয়হি মৰিগাঁৱৰ বৰ্ণসত্ৰত ৷ কিন্তু প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনাপূৰ্ণ এই ঐতিহাসিক সত্ৰ খনৰ অৱস্থা সম্প্ৰতি শোচনীয় ৷
জহি-খহি গৈছে বহু বছৰীয়া সত্ৰ খনৰ মুধচ ৷ সত্ৰৰ মণিকূটটো নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও, ভকত বহিব পৰাকৈ থকা নামঘৰটোৰ অৱস্থা অতি ভয়াৱহ ৷ যিকোনো সময়তে খহি পৰিব পাৰে নামঘৰটোৰ মুধচ ৷ বৰষুণেও যথেষ্ট ক্ষতিসাধন কৰিছে সত্ৰখনৰ ৷