মৰিগাঁও,17 চেপ্তেম্বৰঃযাতায়াত ব্যৱস্থাৰ নামত মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী গ্ৰামাঞ্চলৰ ৰাইজে প্ৰকৃততে কেনেদৰে যাতায়ত কৰিছে ? জিলা খনৰ মণিপুৰটোপ গাঁও পঞ্চায়তৰ 10নং ৱাৰ্ডস্থিত নখন্দা নাথ গাঁৱৰ পথটো সম্প্ৰতি বিধ্বস্ত ৷
কেনে আছে মৰিগাঁও বিধানসভা সমষ্টিৰ গ্ৰাম্য বাটপথ? - সীমান্তৱৰ্তী গ্ৰামাঞ্চল
জিলা খনৰ মণিপুৰটোপ গাঁও পঞ্চায়তৰ 10নং ৱাৰ্ডস্থিত নখন্দা নাথ গাঁৱৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজে জ্বলা-কলা খাব লগীয়া হৈছে ৷
কেনে অৱস্থাত আছে মৰিগাঁও বিধান সভা সমষ্টিৰ গ্ৰাম্য বাটপথ?
ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ এনে শোচনীয় অৱস্থাৰ বাবে গাঁওখনৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ যাব নোৱাৰে ৷ তথ্য অনুসৰি এই পথটো মেৰামতিৰ বাবে এমজিএনৰেগা অচঁনিৰ অধীনত 9,63,000 টকা আবন্টন দিয়া হৈছিল ৷ কিন্তু ৰাইজৰ অভিযোগ অনুসৰি পথটো নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তা আৰু ঠিকাদাৰে আবন্টিত ধন সমূহৰ সিংহভাগ ধন উদৰস্থ কৰি বিধ্বস্ত পথটোত কেইচপৰামান মাটি আৰু কেইটামান শিল ছটিয়াই নিজৰ দায়িত্ব সামৰে ৷ যাৰ ফলত সাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তি ভুগিব লগীয়া হৈছে ৷