অসম

assam

ETV Bharat / state

লাহৰীঘাটত গৰাখহনীয়া ৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন ৰাইজ - দোৱা প্ৰাৰ্থনা

১৯৬৯ চনৰ পৰা জিলাখনৰ লাহৰীঘাটত লুইতৰ খহনীয়াই তাণ্ডৱ লীলা চলাই আহিছে ! খহনীয়াৰ তাণ্ডৱত শতাধিক ৰাজহ গাঁও লুইতৰ বুকুত বিলীন হোৱাৰ উপৰি লাখ লাখ লোক সৰ্বস্বান্ত হৈছে ৷ ইয়াৰ পিছতো চৰকাৰ তথা জলসম্পদ বিভাগে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

dhing-praying-for-stop-river-cutting
লাহৰীঘাটত গৰাখহনীয়া ৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন ৰাইজ

By

Published : Jan 31, 2021, 7:14 PM IST

ধিং, 31 জানুৱাৰী :মৰিগাঁও জিলাৰ লাহৰীঘাটত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি দেওবাৰে লুইতৰ পাৰত শ-শ লোক সমবেত হৈ নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ৷ লাহৰীঘাটৰ বগলীপাৰাত লুইতৰ পাৰত কেবা শতাধিক খহনীয়াগ্ৰস্ত তথা ৰাইজে গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ধৰ্মীয় গুৰু উত্তৰ পুৱ আমিৰে শ্বৰিয়ত নদৱাতুত তামিৰ পীৰে কামিল কুতুবে জামান আল্লামা হজৰত ইউছুফ আলী চাহাবৰ হতুৱাই নেদেখাজনৰ ওচৰত কান্দি কান্দি দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ।

লাহৰীঘাটত গৰাখহনীয়া ৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন ৰাইজ

উল্লেখ্য যে, ১৯৬৯ চনৰ পৰা জিলাখনৰ লাহৰীঘাটত লুইতৰ খহনীয়াই তাণ্ডৱ লীলা চলাই আহিছে ৷ খহনীয়াৰ তাণ্ডৱত শতাধিক ৰাজহ গাঁও লুইতৰ বুকুত বিলীন হোৱাৰ উপৰি লাখ লাখ লোক সৰ্বস্বান্ত হৈছে ৷ প্ৰত্যেক বছৰে খহনীয়াই নতুন নতুন অঞ্চল গ্ৰাস কৰি আহিছে ৷ ইয়াৰ পিছতো চৰকাৰ তথা জলসম্পদ বিভাগে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশেষত চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত আস্থা হেৰুৱাই নেদেখাজনৰ ওচৰত শৰাণাপন্ন হৈ দোৱা-প্ৰাৰ্থনা কৰে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক:কামপুৰত মে-ডাম-মে-ফি উদযাপন

ABOUT THE AUTHOR

...view details