মৰিগাঁও, ২৪ ডিচেম্বৰ:সদৌ অসম গাঁওপ্ৰধান সংস্থাৰ মধ্যকালীন বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে সম্পন্ন হয় । মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত গাঁওপ্ৰধান সংস্থাৰ মধ্যকালীন বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যখনৰ গাঁওপ্ৰধান সকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয় । ৰাজ্যখনৰ সকলো জিলাৰ ৮ শতাধিক প্ৰতিনিধি উপস্থিত থকা সাধাৰণ সভাত গাঁওপ্ৰধান সকলক চৰকাৰে চৰকাৰী চাকৰিয়াল ৰূপে স্বীকৃতি দিয়াৰ বাবে দাবী জনায় ।
সদৌ অসম গাঁওপ্ৰধান সংস্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি গোবিন্দ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আঁতধৰে ঘনশ্যাম তালুকদাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি ৰূপে ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সঞ্চালকদ্বয় দীপাংকৰ দাস আৰু হিমাক্ষী হাজৰিকা উপস্থিত থাকে । বিশেষকৈ সদৌ অসম গাঁওপ্ৰধান সংস্থাৰ মৰিগাঁও জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত এই বাৰ্ষিক সাধাৰণ সভাত গাঁওপ্ৰধান সকলক চৰকাৰে চৰকাৰী চাকৰিয়াল হিচাপে স্বীকৃতি দিয়া, পাৰিশ্ৰমিক বৃদ্ধি কৰা আৰু অৱসৰপ্ৰাপ্ত গাঁওপ্ৰধান সকলক এককালীন সাহাৰ্য আগবঢ়োৱাৰ দাবী উত্থাপন কৰে ।