বিশ্বনাথ, ১৯ জুন : বিশ্বনাথ চাৰিআলিৰ শক্তি বিভাগৰ অন্তৰ্গত পাভৌ বিদ্যুত নিয়ন্ত্ৰণ কক্ষত অঘটন । শক্তি বিভাগৰ চৰম গাফিলতিৰ ফলত পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাঁও পঞ্চায়তৰ এটা ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ খুঁটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰিবলৈ উঠিছিল । সেই সময়তে খুঁটাটোৰে বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত কৰ্মচাৰীজন বিদ্যুতপৃষ্ট হৈ তললৈ পৰি যায় ৷ কৰ্মচাৰীজনক সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু ঘটা বুলি চিকিৎসকে জনায় ।
মৃত কৰ্মচাৰীজনৰ নাম অমিত ইংতি বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও বিশ্বনাথ জিলা শক্তি বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে কেইবাজনো অস্থায়ী কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে, যোৱা ২০১৯ চনত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াত একে বিভাগৰে অস্থায়ী কৰ্মচাৰী ৰবিন দাস নামৰ কৰ্মচাৰী গৰাকীয়ে বিদ্যুতৰ খুঁটাত উঠি কাম কৰি থকাৰ সময়তে হঠাৎ লগা জুইত মৃত্যুবৰণ কৰিছিল ৷ বিশ্বনাথৰ বিদ্যুত উপ-সংমণ্ডলৰ এজন অভিযন্তাৰ গাফিলতিৰ ফলতে অস্থায়ী কৰ্মচাৰীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল ৷