মৰিগাঁও,30 আগষ্ট: মৰিগাঁৱৰ ভূৰাগাঁৱত দেওবাৰে উদ্ধাৰ হয় এগৰাকী কিশোৰীৰ মৃতদেহ ৷ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰালিমাৰীৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিত উদ্ধাৰ হৈছে এই মৃতদেহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে তিনিগৰাকী কিশোৰীয়ে গা ধোৱাৰ উদ্দেশ্যৰে ব্ৰহ্মপুত্ৰলৈ যায় ৷ পৰৱৰ্তী সময়ত মিৰিকামাৰি গাঁৱৰ মুছলেম আলীৰ কন্যা মছৰিন বেগম পানীৰ সোঁতত পৰি সন্ধানহীন হৈ আছিল ৷ দেওবাৰে পুৱা স্থানীয় ৰাইজে নৈৰ বুকুত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত ভূৰাগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিশোৰীগৰাকীৰ অকাল মৃত্যুয়ে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলায় ৷
ব্ৰহ্মপুত্ৰত উদ্ধাৰ কিশোৰীৰ মৃতদেহ - Morigaon Civil Hospital
ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰালিমাৰীৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত ভূৰাগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
কিশোৰীৰ মৃতদেহ উদ্ধাৰ