অসম

assam

ETV Bharat / state

মৰিগাঁৱত দিবা-নৈশ কাবাডী প্ৰতিযোগিতাঃবিজয়ী মানৱ অধিকাৰ কাবাডী দল

দেওবাৰে মৰিগাঁৱৰ পশ্চিম দলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত দলবাৰীত অনুষ্ঠিত হয় এখন দিবা-নৈশ কাবাডী প্ৰতিযোগিতা ৷ দিবা-নৈশ কাবাডী প্ৰতিযোগিতাখনিত চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে মানৱ অধিকাৰ কাবাডী দলে ৷ প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পশ্চিম দলবাৰী মিলনজ্যোতি সংঘৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে তেখেতৰ বিধায়ক পুঁজিৰ পৰা ২ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ৷

Day night Kabaddi Competition in Morigaon
মৰিগাঁৱত দিবা-নৈশ কাবাডী প্ৰতিযোগিতাঃবিজয়ী মানৱ অধিকাৰ কাবাডী দল

By

Published : Dec 7, 2020, 10:48 AM IST

মৰিগাঁও,7 ডিচেম্বৰঃদেওবাৰে মৰিগাঁৱৰ পশ্চিম দলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত দলবাৰীত অনুষ্ঠিত হয় এখন দিবা-নৈশ কাবাডী প্ৰতিযোগিতা ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ 10টাকৈ দলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত ৷ প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে খেলক শিক্ষাৰ আন এটা অংগ আখ্যা দি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও খেলপথাৰ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰাৰ লগতে ৰাজ্যৰ প্ৰায় 500খন খেলপথাৰৰৰ উন্নয়নৰ বাবে ধন আগবঢ়াইছে বুলি মন্তব্য কৰে ৷ ইপিনে বিধায়কগৰাকীয়ে পশ্চিম দলবাৰী মিলনজ্যোতি সংঘৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে তেখেতৰ বিধায়ক পুঁজিৰ পৰা ২ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ৷

উল্লেখ্য যে,দিবা-নৈশ কাবাডী প্ৰতিযোগিতাখনিত চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে মানৱ অধিকাৰ কাবাডী দলে ৷ তদুপৰি চূড়ান্ত খেলখনত উপস্থিত থাকি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক নিপুণ বৰাই কৰ'ণা মহামাৰীৰ সময়ত গৃহবন্দী হৈ থকা ৰাইজৰ লগতে খেলুৱৈ সকলক এক খেলৰ পৰিবেশ প্ৰদান কৰাৰ বাবে দলবাৰী ৰাইজৰ লগতে উদ্যোক্তা সকলক ভূয়সী প্ৰশংসা কৰে।

লগতে পঢ়কঃআজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details