অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ পাঁচ গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি মেধা বঁটা - মৰিগাঁও মহাবিদ্যালয়

মৰিগাঁৱৰ পাঁচ গৰাকী ছাত্ৰীক আজি ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ এই উপলক্ষে মৰিগাঁও মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে ড৹ কমল জ্যোতি গগৈয়ে ৷

d-banikanta-kakati-medha-award-for-five-students-of-marigoan
মৰিগাঁৱৰ পাঁচ গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি মেধা বঁটা

By

Published : Jan 2, 2021, 5:48 PM IST

মৰিগাঁও, 2 জানুৱাৰী : মৰিগাঁও মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এক বঁটা প্ৰদান অনুষ্ঠানত শনিবাৰে ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ এই উপলক্ষে পাঁচ গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷

মৰিগাঁৱৰ পাঁচ গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি মেধা বঁটা

মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া ড৹ কমল জ্যোতি গগৈয়ে আঁত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানতটি সুধাকন্ঠৰ 'জিলিকাব লুইতৰে পাৰ' শীৰ্ষক গীতৰে আৰম্ভ কৰা হয় ৷ অনুষ্ঠানত জিলা উপায়ুক্ত লীনা দাসে আদৰণি ভাষণ দিয়া পিচতেই মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ভাষণ দিয়ে ।

উল্লেখ্য যে, সভাত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ লীলা কান্ত বৰঠাকুৰ, জাগীৰোড মহাবিদ্যালয় অধ্যক্ষ ড৹ ভবেন চন্দ্ৰ নেওগ, জিলা আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details