মৰিগাঁও, 28 নৱেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰী লোচনাবৰী সমবায় সমিতিৰ উপসভাপতি তথা এআইইউডিএফৰ নেতা ইছাৰাফিল আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰী অভিযোগ৷ ইছাৰাফিল আলীয়ে সমবায়খনৰ এজেন্টৰ সামগ্ৰীৰ 50 শতাংশ ভাগ বিচৰাৰ লগতে এজেন্ট,সচিব আৰু সভাপতিৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ উপসভাপতিৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া সাধাৰণ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷
সমবায় সমিতিৰ পৰা কমিছনৰ দাবী এআইইউডিএফ নেতাৰ - লোচনাবৰী সমবায়
ইছাৰাফিল আলীয়ে সমবায়খনৰ এজেন্টৰ সামগ্ৰীৰ 50 শতাংশ ভাগ বিচৰাৰ লগতে এজেন্ট,সচিব আৰু সভাপতিৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷

সমবায় সমিতিৰ পৰা কমিছনৰ দাবী এআইইউডিএফৰ নেতাৰ
সমবায় সমিতিৰ পৰা কমিছনৰ দাবী এআইইউডিএফৰ নেতাৰ
ইছৰাফিল আলীয়ে বিভিন্ন সময়ত এআইইউডিএফ দলৰ নেতা হিচাপে বিভিন্ন ভয় ভাবুকিৰে গুণ্ডাগিৰী দেখুৱাই বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখযোগ্য যে,কিছুদিন পূৰ্বেও মৈৰাবাৰীত জাতীয় পতাকা উত্তোলনৰ সময়তে জাতীয় সংগীতক চৰম অপমান কৰি বিতৰ্কৰ মাজত সোমাইছিল উক্ত পালি নেতাগৰাকী ।
লগতে পঢ়ক: বাক্যবাণ : হিমন্ত বিশ্ব শৰ্মা বনাম হাগ্ৰামা মহিলাৰী