অসম

assam

ETV Bharat / state

Jayanta Hazarika death anniversary : মৰিগাঁও দিৱসত ৰাণাদাৰ সোঁৱৰণিত সংগীতানুষ্ঠান - ৰাণাদাৰ সোঁৱৰণিত মৰিগাঁৱত সংগীতানুষ্ঠান

মৰিগাঁৱত আয়োজন ‘‘তোমাৰ কথা যেতিয়া ভাৱো দুচকু পানীৰে ভৰে’’ শীৰ্ষক সংগীতানুষ্ঠান । এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

Cultural program held in Morigaon
মৰিগাঁৱত সংগীতানুষ্ঠান

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:16 PM IST

মৰিগাঁৱত সংগীতানুষ্ঠান

মৰিগাঁও, 16 অক্টোবৰ : দেওবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মৰিগাঁৱত আয়োজন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠানৰ ৷ 35 সংখ্যক মৰিগাঁও দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও স্কুল খেলপথাৰত আয়োজিত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ ‘‘তোমাৰ কথা যেতিয়া ভাৱো দুচকু পানীৰে ভৰে’’ শীৰ্ষক সংগীত মধুৰ অনুষ্ঠানত সহযোগ কৰে মৰিগাঁও জিলা প্ৰশাসন আৰু সুৰ বাহিনীয়ে ।

উল্লেখ্য যে দেওবাৰে নিশা আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে মনীষা হাজৰিকা, জনপ্ৰিয় কন্ঠশিল্পী জে পি দাস, ময়ুখ হাজৰিকা, দিলীপ দাস, ৰূপম ভূঞা, মৰিগাঁও জিলা সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, পৌৰপতি যোগেশ তামুলী ৷

লগতে এই অনুষ্ঠানত প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা তথা ৰাণাদাৰ সোঁৱৰণিত সংগীত পৰিৱেশন কৰে মনীষা হাজৰিকা, জনপ্ৰিয় কন্ঠশিল্পী জে পি দাস, ময়ুখ হাজৰিকা, দিলীপ দাস, ৰূপম ভূঞাৰ লগতে কেইবা গৰাকীও ন-পুৰণি শিল্পীয়ে ।

লগতে পঢ়ক :Jayanta Hazarika death anniversary: ৰাণাদাৰ কোনটো গীত প্ৰিয় হোৱাৰ পিচতো গাব নোখোজে পত্নী মনীষা হাজৰিকাই ?

ইফালে শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয় 35 সংখ্যক মৰিগাঁও দিৱসৰ কাৰ্যসূচী ৷ শনিবাৰে দিনৰ 11 বজাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পতাকা উত্তোলন কৰি এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে । ইয়াৰ পিচতে শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন আৰু আমাৰ মৰিগাঁও শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে মৰিগাঁওবাসী ৰাইজে ৷ মৰিগাঁও জিলা দিৱস বাহিৰ কৰা হয় এক বণাৰ্ঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো ৷

ৰাইজৰ মাজত সজাগতা সৃষ্টি হকে উদ্যোক্তাসকলে শোভাযাত্ৰাৰ অন্তত শেষত জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা শীৰ্ষক বাটৰ নাটৰো প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক :35th Morigaon district day:মৰিগাঁও জিলা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details