মৰিগাঁও, 28 আগষ্ট: মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে মৰিগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ দলীয় কৰ্মীয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যৰ জৰিয়তে ৰাইজক প্ৰদান কৰা, পে’ট্ৰলজাত সামগ্ৰীক জি এছ টিত অন্তভূক্ত কৰা, মধ্যভোগী আৰু অসাধু ব্যৱসায়ীক নাকী লগোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চি পি আইৰ দলীয় কৰ্মীয়ে ৷
আনহাতে প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে সাতদফীয়া দাবী সম্বলিত এখন পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ ৷ সেই দাবীসমূহৰ ভিতৰত আছে চিণ্ডিকেটৰাজ বন্ধ কৰা, বণিয়া গোষ্ঠীৰ সৈতে অবৈধ সম্পৰ্ক বন্ধ কৰা, স্মাৰ্ট মিটাৰৰ দৌৰাত্ম্য আৰু সঘন বিজুলীৰ লুকাভাকু বন্ধ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যৰ জৰিয়তে ৰাইজক প্ৰদান কৰা, পে’ট্ৰলজাত সামগ্ৰীক জি এছ টিৰ অন্তভূক্ত কৰা, মধ্যভোগী আৰু অসাধু ব্যৱসায়ীক নাকী লগোৱা ৷