অসম

assam

ETV Bharat / state

মৰিগাঁও আৰু ডিফুত অব্যাহত CAA বিৰোধী প্ৰতিবাদ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো সোমবাৰে বাওপন্থী দল চি পি আইৰ উদ্যোগত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ চিপি আইৰ মৰিগাঁও জিলা পৰিষদৰ সম্পাদক ডম্বৰুধৰ দাসে এই গণ ধৰ্ণা কাৰ্যসূচীৰ আঁতধৰে ৷ ইপিনে ডিফুত ছাত্ৰ সমাজ আৰু সংগ্ৰামী ৰাইজে CAA বাতিলৰ দাবীত সোমবাৰে অৱস্থান ধৰ্ণা আৰু বাটৰ নাট প্ৰদৰ্শন কৰে ৷

By

Published : Dec 23, 2019, 9:25 PM IST

morigaon
মৰিগাঁৱত চিপিআইৰ CAA বিৰোধী আন্দোলন

মৰিগাঁও, 23 ডিচেম্বৰঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো অব্যাহত আছে CAA বিৰোধী আন্দোলন । সোমবাৰে মৰিগাঁও জিলা পবিতৰা হাট প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত চিপি আই আৰু ইয়াৰ ভাতৃ সংগঠনৰ প্ৰতিবাদকাৰীয়ে শীঘ্ৰে CAA প্ৰত্যাহাৰৰ বাবে দাবী জনাই ।

মৰিগাঁৱত চিপিআইৰ CAA বিৰোধী আন্দোলন

সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো বাওপন্থী দল চি পি আইৰ উদ্যোগত আৰু একাধিক ভাতৃ সংগঠনৰ সহযোগত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মৰিগাঁও জিলা পবিতৰা হাট প্ৰেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বাওপন্থী নেতা-কৰ্মী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান আৰু বেনাৰ লৈ উদাত্ত কণ্ঠৰে ভাষণ আগবঢ়ায় ৷ চিপি আইৰ মৰিগাঁও জিলা পৰিষদৰ সম্পাদক ডম্বৰুধৰ দাসে আঁতধৰা এই গণ ধৰ্ণা কাৰ্যসূচীত প্ৰাক্তন বিধায়ক তথা চিপি আইৰ কেন্দ্ৰীয় নেতা মুনিন মহন্তই বক্তব্য আগবঢ়াই ৷

ডিফুত ছাত্ৰ সমাজ আৰু সংগ্ৰামী ৰাইজৰ বাটৰ নাট প্ৰদৰ্শন

ইপিনে পাহাৰীয়া জিলা কাৰ্বিআংলঙৰ সদৰ চহৰ ডিফুত ছাত্ৰ সমাজ আৰু সংগ্ৰামী ৰাইজে CAA বাতিলৰ দাবীত সোমবাৰে অৱস্থান ধৰ্ণা আৰু বাটৰ নাট প্ৰদৰ্শন কৰে ৷ পোন প্ৰথমে প্ৰতিবাদকাৰী সকলে ডিফু ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কত জেষ্ঠ নাগৰিকৰ সৈতে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁলোকে সংশোধিত আইন খনৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলক দেশ প্ৰেমেৰে উদ্বুদ্ধ কৰিবলৈ ডিফু চহৰৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ আৰু হনুমান মন্দিৰৰ ওচৰত ' লবিতা আৰু লাচিত ' শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰি জনজাগৰণৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক - গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details