অসম

assam

ETV Bharat / state

বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই - Covid Vaccine Centre opened

মৰিগাঁও জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞাই মৰিগাঁৱৰ বঘৰাত এটা আদৰ্শ ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰে ৷ সমান্তৰালভাৱে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষীতেশ চন্দ্ৰ পেগুৱে জাগীৰোড গাঁও পঞ্চায়তত কভিড-১৯ যুদ্ধ কক্ষ মুকলি কৰাৰ লগতে এখনি সজাগতা সভা অনুস্থিত কৰে।

বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই
বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই

By

Published : May 31, 2021, 10:19 PM IST

মৰিগাঁও, 31 মে' : সোমবাৰে মৰিগাঁৱৰ বঘৰাত আদৰ্শ ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰে জিলা উপায়ুক্ত সীমাৰেখা ভূঞাই । বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত বঘৰা মজলীয়া বিদ্যালয়ত অনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰি সকলোকে ক'ভিড ভেকচিন ল'বলৈ আহ্বান জনায় ।

বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই

অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গৰাম দাস, বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অমৰজ্যোতি ডেকা আদি উপস্থিত থাকে ৷

বঘৰাত ক'ভিড ভেকচিন চেন্টাৰ মুকলি কৰিলে উপায়ুক্ত সীমাৰেখা ভূঞাই

ইফালে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষীতেশ চন্দ্ৰ পেগুৱে জাগীৰোড গাঁও পঞ্চায়তত কভিড-১৯ যুদ্ধ কক্ষ মুকলি কৰাৰ লগতে এখনি সজাগতা সভা অনুস্থিত কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত পঞ্চায়তটোৰ সভাপতিকে ধৰি ৱাৰ্ড সদস্য আৰু স্থানীয় লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : জনাঞ্চললৈ ওলাই আহিল এজাক বন্যহস্তী, তাৰ পাছত...

ABOUT THE AUTHOR

...view details