অসম

assam

ETV Bharat / state

ক্ৰমাৎ মৰিগাঁৱত বৃদ্ধি পাইছে ক’ভিড ৰোগী - ক্ৰমাৎ মৰিগাঁৱত বৃদ্ধি পাইছে ক’ভিড ৰোগী

বুধবাৰে দুপৰীয়ালৈকে ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ বৃদ্ধি হৈ হৈছে গৈ 98 গৰাকী ৷ বাণিজ্যি মেলাৰ তিনিজন লোকৰ দেহৰ কৰ’ণা ভাইৰাছৰ উপস্থিতি ।

ক্ৰমাৎ মৰিগাঁৱত বৃদ্ধি পাইছে ক’ভিড ৰোগী
ক্ৰমাৎ মৰিগাঁৱত বৃদ্ধি পাইছে ক’ভিড ৰোগী

By

Published : Apr 22, 2021, 12:07 PM IST

মৰিগাঁও,22 এপ্ৰিল: মৰিগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা । বুধবাৰে দুপৰীয়ালৈকে ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ বৃদ্ধি হৈ 98 গৰাকী হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, বাণিজ্যি মেলাৰ তিনিজন লোকৰ দেহৰ কৰ’ণা ভাইৰাছৰ উপস্থিতি । মৰিগাঁৱত বুধবাৰে দুপৰীয়া ভাগলৈকে দহজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 ভাইৰাছৰ উপস্থিতি । 1 এপ্ৰিলৰ পৰা মঙলবাৰলৈকে ক’ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা আছিল 88 গৰাকী । বুধবাৰে এই সংখ্যা বৃদ্ধি হৈ প্ৰায় 98 ঘৰ অতিক্ৰম কৰাৰ পথত ।

ক্ৰমাৎ মৰিগাঁৱত বৃদ্ধি পাইছে ক’ভিড ৰোগী

মৰিগাঁও জিলা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ দ্বাৰা সদৰী কৰা তথ্য অনুসৰি বুধবাৰে জিলাখন জাগীৰোড, চৰাইবাহী, কহুৱাআটী আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ত তিনিজনকৈ লোকৰ দেহত মহামাৰী কৰ’ণা উপস্থিতি ধৰা পৰে । উল্লেখ্য যে, মৰিগাঁও চহৰৰ মাজ-মজিয়াৰ গান্ধী ভৱন প্ৰাংগণত চলি থকা বাণিজ্য মেলাৰ তিনিজন ব্যৱসায়ীৰ দেহত ক’ভিড পজিটিভ উপস্থিতি ধৰা পৰাত মৰিগাঁও চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত

ABOUT THE AUTHOR

...view details