মৰিগাঁও,31 মে’:দেওবাৰে মৰিগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া প্ৰচেষ্টাত বিবেক এক্সপ্ৰেছেৰে অহা ২৭২ গৰাকী যাত্ৰীৰ জাগীৰোড ৰে’ল ষ্টেচনত স্থাপন কৰা ক’ভিড স্ক্ৰীনিং চেণ্টাৰত ক’ভিড টেষ্ট কৰা হয় ৷ তাৰে ভিতৰত ১১ গৰাকী যাত্ৰীৰ দেহত ক’ৰণাৰ স্থিতি পোৱা যায় ।
জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট সম্পন্ন - covid test
জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট সম্পন্ন ৷ প্ৰায় 272 গৰাকী যাত্ৰীৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰাত ১১ গৰাকীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ।
![জাগীৰোড ৰে’ল ষ্টেচনত ক’ভিড টেষ্ট সম্পন্ন জাগীৰোড ৰেল ষ্টেচনৰ কভিড টেষ্ট প্ৰক্ৰিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11961398-thumbnail-3x2-image.jpg)
জাগীৰোড ৰেল ষ্টেচনৰ কভিড টেষ্ট প্ৰক্ৰিয়া
উল্লেখযোগ্য যে, বিগত তিনিদিন পূৰ্বে জাগীৰোড ৰে’ল ষ্টেচনত প্ৰায় দুই শতাধিক যাত্ৰীয়ে ক’ভিড ষ্টেট নকৰাকৈ পলাই যোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন ঠাইত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছিল । সেয়ে ষ্টেচনটোত পুনৰাই যাতে এনে পৰিস্থিতিৰ সূষ্টি নহয়, তাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে আগতীয়াকৈ ক’ভিড ষ্টেটৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক:ভৰা বেঁকীৰ বুকুত জীয়াই থকাৰ সংগ্ৰাম