অসম

assam

By

Published : May 19, 2021, 8:53 AM IST

ETV Bharat / state

লাহৰীঘাটত প্ৰথমগৰাকী কৰ’ণা ৰোগীৰ মৃত্যু

মৰিগাঁৱৰ লাহৰীঘাটত সোমবাৰে সন্ধিয়া মৃত্যু ঘটে প্ৰথমগৰাকী কৰ’ণা ৰোগীৰ ৷

covid-patient-died-at-laharighat
লাহৰীঘাটত কৰ’ণা ৰোগীৰ মৃত্যু

মৰিগাঁও,19 মে’: মৰিগাঁৱৰ লাহৰীঘাটত মৃত্যু হয় প্ৰথমগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ ৷ উল্লেখ্য যে, 5 দিন পূৰ্বে নিজ গেৰুৱা ৰাজ্যিক চিকিৎসালয়ত ধৰা পৰিছিল মৃত মহিলাগৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ৷

ইয়াৰ পাচতে মহিলাগৰাকীক হোম আইচ’লেশ্চনত ৰখা হয় যদিও সোমবাৰে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত লাহৰীঘাট বিপিএইচচিৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত নিজ গেৰুৱা ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় মহিলাগৰাকীক । কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সোমবাৰে আবেলি পুনৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হয় ৷

লাহৰীঘাটত কৰ’ণা ৰোগীৰ মৃত্যু

অৱশেষত কৰ’ণাৰ পৰা সুস্থ হ’ব নোৱাৰি সোমবাৰে সন্ধিয়া প্ৰায় 7 বজাত মৃত্যু ঘটে মহিলাগৰাকীৰ । ইয়াৰ পাচত মঙলবাৰে ক’ভিড প্ৰট’কলৰ মাজেৰে ভূৰাগাঁৱৰ কালিবাৰী শ্মশানত মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰা হয় ।

লগতে পঢ়ক :নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত বিধায়ক তৰংগ গগৈ

ABOUT THE AUTHOR

...view details