মৰিগাঁও, 30 এপ্ৰিল:দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণে ক্ৰমে গ্ৰাস কৰি পেলাইছে সকলো ৷ ক’ভিড-19 ৰ দ্বিতীয় ঢৌৱে ক্ৰমাৎ ভয়াৱহ কৰি তুলিছে পৰিস্থিতি ৷ বৃহস্পতিবাৰে মৰিগাঁৱত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা 477 গৰাকীলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।
বৃহস্পতিবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 1233 গৰাকীকৈ লোকৰ কভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে 29 গৰাকীৰ দেহত ধৰা পৰে ক’ভিড-19 পজিটিভ । এপ্ৰিলৰ পৰা জিলাখনত মুঠ 33,044 গৰাকী লোকৰ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে 477 গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।