অসম

assam

By

Published : May 20, 2021, 8:44 PM IST

ETV Bharat / state

ক’ভিড ১৯ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন

লাহৰীঘাটৰ মৈৰাবাৰীত ক’ভিড ১৯ সন্দৰ্ভত আয়োজিত হয় এখনি সজাগতা সভা ৷ বুধবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সভাখন ৷

COVID_awareness_meeting_in_lahorighat
ক’ভিড ১৯ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন

মৰিগাঁও, 20 মে’ : সম্প্ৰতি কৰ’ণা মহামাৰীয়ে সমগ্ৰ দেশত সন্ত্ৰাস সৃষ্টি কৰিছে । দৈনিক হাজাৰ হাজাৰ লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ক’ভিডৰ সংক্ৰমণৰ পৰা সাৰি থকিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিছে যদিও একাংশ লোকে অসাৱধানভাৱে চৰকাৰৰ নীতি নিৰ্দেশনা ভেঙুচালি কৰি নিজৰ লগতে সমাজখনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে ।

ক’ভিড ১৯ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন

ইফালে, ক’ভিড সন্দৰ্ভত বুধবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় এখনি সজাগতা সভা । জিলা পৰিষদৰ সদস্য,আঞ্চলিক পঞ্চায়তৰ সদস্য, পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়ত সচিব সকলৰ উপস্থিতিত এই সজাগতা সভাখন অনুষ্ঠিত হৈ যায় ।

উল্লেখিত সজাগতা সভাখনত উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, লাহৰীঘাট ৰাজহচক্ৰৰ চক্ৰ বিষয়া অৰূপ বিকৰমিয়া, লাহৰীঘাট উন্নয়ন খণ্ডৰ বিষয়া মনিৰ উদ্দিন আহমেদ, মৰিগাঁও জিলাৰ পৰিষদৰ সভানেত্ৰী ইছমা আৰা বেগমৰ লগতে অন্যান্য বিষয়ববীয়া সকল।

লগতে পঢ়ক :তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details