অসম

assam

ETV Bharat / state

মৰিগাঁৱত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক দম্পত্তি

জিলাৰ খনৰ বিভিন্ন প্ৰান্তত দৈনিক হাৰত উদ্ধাৰ হৈছে কেইবা লাখ টকীয়া বৰবিহ স্বৰূপ ড্ৰাগচ ৷ ইয়াৰ মাজতে দেওবাৰে পুৱা মৰিগাঁও জিলা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় 88 টা হিৰইন ভৰ্তি কন্টেনাৰ ৷

Couple arrested with drugs at Morigaon
মৰিগাঁৱত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক দম্পত্তি

By

Published : Oct 18, 2020, 10:44 PM IST

মৰিগাঁও, 18 অক্টোবৰ: ড্ৰাগচ নগৰীলৈহে যেন পৰ্যবসিত হৈছে জাগীৰোড কাগজ নগৰী ৷ জিলাৰ খনৰ বিভিন্ন প্ৰান্তত দৈনিক হাৰত উদ্ধাৰ হৈছে কেইবা লাখ টকীয়া বৰবিহ স্বৰূপ ড্ৰাগচ ৷ ইয়াৰ মাজতে দেওবাৰে পুৱা মৰিগাঁও জিলা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় 88 টা হিৰইন ভৰ্তি কন্টেনাৰ ৷

উদ্ধাৰ হোৱা চুৰি সামগ্ৰী

এইবাৰ মুছলীম মহিলা নামিল ড্ৰাগচৰ গোপনৰ বেহাত ৷ হাতেলোটে গ্ৰেপ্তাৰ কৰিলে মৰিগাঁও আৰক্ষীয়ে ৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি জাগীৰোডৰ শিলভাঙাত আৰক্ষীক মেনেজ কৰি এহাল দম্পত্তিয়ে চলাই আছিল ড্ৰাগচৰ ৰমৰমীয়া বেহা ৷ চাবোনৰ খালী কেছ, হোমিঅ পেথিক ঔষধৰ কন্টেনাৰত ভৰাই বিভিন্ন ঠাইলৈ ড্ৰাগছ সৰবৰাহ কৰিছিল দুই পতি -পত্নীয়ে ৷

ড্ৰাগছ ব্যৱসায়ীক আটক

অৱশেষত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শনিবাৰে নিশা অভিযান চলাই জাগীৰোডৰ এই হাল স্বামী- স্ত্ৰীৰ পৰা 88 টা হিৰইন ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ লগতে এই অবৈধ ব্যৱসায় চলাই থকা আবুল কাছেম আৰু পত্নী ফাতেমা বেগমক গ্ৰেপ্তাৰ কৰে মৰিগাঁও জিলা আৰক্ষীয়ে৷

উদ্ধাৰ হোৱা চুৰি সামগ্ৰী

উল্লেখযোগ্য যে, ফাতেমা বেগম আৰু আবুল কাচেমৰ ঘৰৰ পৰা অভিযান কাৰী আৰক্ষী দলটোৱে বহু পৰিমাণৰ মন্দিৰৰ চুৰি সামগ্ৰী, পানী সিঁচা মেচিনৰ অংশ, পেপাৰ মিলৰ চুৰি সামগ্ৰীৰ লগতে বহু পৰিমাণে এলুমুনিয়ামৰ উৱাৰ উদ্ধাৰ কৰাৰ লগতে 1 লাখ 10 হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

মৰিগাঁৱত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ

আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে NDPS ACT আৰু ভাৰতীয় দণ্ড বিধিৰ অধীনৰ ধাৰা গোচৰ ৰুজু কৰি দুই ড্ৰাগচ ব্যৱসায়ী পতি -পত্নীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়কঃ ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ

ABOUT THE AUTHOR

...view details