অসম

assam

ETV Bharat / state

মৰিগাঁৱত ক’ভিড-19ৰ বিৰুদ্ধে সজাগতা সমদল

মৰিগাঁৱত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত কৰ'ণাৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান । হাতে হাতে বেনাৰ-পোষ্টাৰ আৰু ল’বলগীয়া সাৱধানতাৰ শ্ল’গান দি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস ।

By

Published : Aug 15, 2020, 2:42 AM IST

corona awareness rally
corona awareness rally

মৰিগাঁও, 14 আগষ্ট : জিলা প্ৰশাসনৰ নিৰ্দেশত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাই উলিয়ালে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতামূলক সমদল। দেশৰ ৭৪ তম স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত শুকুৰবাৰে দিনৰ ১০.৩০বজাত মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনাত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাই কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে সজাগতা মূলক সমদল বাহিৰ কৰে ।

ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা উক্ত সজাগতামূলক সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বড়াই ৷ তেখেতে কয় যে, ক’ভিড-19 ৰ বিৰুদ্ধে চলোৱা যুঁজত প্ৰশাসনক সহযোগিতা আগবঢ়োৱা বাবে মৰিগাঁও জিলাবাসী ৰাইজ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ । ইয়াৰ‌ উপৰিও মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই উপস্থিত থাকি গঠনমূলক বক্তব্য আগবঢ়ায় ।

ক’ভিড-19ৰ বিৰুদ্ধে সজাগতা সমদল

ইয়াৰ পাচতেই মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতি আৰু সম্পাদক বলদেৱ নাথৰ নেতৃত্বত উক্ত সমদলটিয়ে জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি চলক, স্বাস্থ্য কৰ্মীসকলক সহযোগ কৰক, সঘনাই হাত ধোৱক, সামাজিক দূৰত্ব মানি চলক,অনাহকত ঘূৰি নুফুৰিব,জুম বান্ধি নাথাকিব,মুখত মাক্স ব্যৱহাৰ কৰক, আৰক্ষী প্ৰশাসনক সহযোগিতা কৰ আদি শ্ল'গান দি এক সামাজিক দ্বায়বদ্ধতাৰ প্ৰতি চহৰখনৰ ৰাইজৰ মাজত সজাগতা আনিবলৈ প্ৰয়াস কৰে।

মৰিগাঁৱত ক’ভিড-19ৰ বিৰুদ্ধে সজাগতা সমদল

উল্লেখনীয় যে, উক্ত কাৰ্যসূচীত জিলা সমাজ কল্যাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰি সমদলকাৰী সকলক উৎসাহিত কৰে। প্ৰায় দুঘণ্টা সময় জুৰি চলা উক্ত কাৰ্যসূচী অৱশেষত মৰিগাঁও আৱৰ্ত ভৱনৰ সন্মুখত সমাপ্ত হয় ।

লগতে পঢ়ক :স্বাধীনতা দিৱস উপলক্ষে বৰপেটাত SSB জোৱান আৰু আৰক্ষীৰ ৰোড মাৰ্চ

ABOUT THE AUTHOR

...view details