অসম

assam

ETV Bharat / state

মৰিগাঁৱত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিতৰণ - ANTI Corona virus

সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিতৰণ কৰিছে মৰিগাঁৱত ৷ 5 টকাৰ বিনিময়ত বিতৰণ কৰা হৈছে এই প্ৰতিষেধক ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মৰিগাঁৱৰ হোমিঅ'পেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে, "আৰচেনিক এলবমিক-30" নামৰ বিশেষ ঔষধবিধ কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে বিতৰণ কৰিছে ৷ তিনিদিন খালী পেটত খাব লাগে এইবিধ প্ৰতিষেধক ৷

কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক
কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক

By

Published : Feb 7, 2020, 10:23 PM IST

মৰিগাঁও, 7 ফেব্ৰুৱাৰীঃশেহতীয়াকৈ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰা সময়তে, আগতীয়া প্ৰতিষেধকৰ বাবে মৰিগাঁৱৰ এখন হোমিঅ'পেথিক ক্লিনিকলৈ স্ৰোত বৈছে মানুহৰ ৷ মৰিগাঁৱত পাঁচ টকাত বিতৰণ কৰা হৈছে কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মৰিগাঁৱৰ হোমিঅ'পেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয়ৰ নিৰ্দেশ মৰ্মে, "আৰচেনিক এলবমিক-30" নামৰ বিশেষ ঔষধবিধ মৰিগাঁৱৰ জনসাধাৰণক কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে বিতৰণ কৰিছে ৷ তিনিদিন খালী পেটত খাব লাগে এইবিধ প্ৰতিষেধক ৷

মৰিগাঁৱত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক বিতৰণ

উল্লেখ্য যে ম্যানমাৰ, থাইলেণ্ড,ডুবাইকে ধৰি বিশ্বৰ বহুকেইখন দেশত উত্তৰ পূৰ্বাঞ্চলৰ হৈ বিশ্ব হোমিঅ'পেথিক অভিবৰ্তনত প্ৰতিনিধিত্ব কৰা, চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথৰ পৰা ইতিমধ্যে বহু লোকে কৰ'ণা ভাইৰাছৰ আগতীয়া প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ কেইবাটাও আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠনে, চিকিৎসক গৰাকীৰ পৰা এই প্ৰতিষেধক নি ৰাইজৰ মাজত বিতৰণ কৰিছে ৷

লগতে পঢ়ক ঃ কৰ'ণা ভাইৰাছৰ প্ৰভাৱত ৰপ্তানি স্থগিত 'ব্যাদাগি' জলকীয়াৰ

ABOUT THE AUTHOR

...view details