অসম

assam

By

Published : May 12, 2021, 1:31 PM IST

ETV Bharat / state

মৰিগাঁৱত ছয়টাকৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা

মৰিগাঁৱত বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা । বুধবাৰৰ পৰা ছয়টাকৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা । মৰিগাঁও ৰাহজ চক্ৰৰ নেলী দৈনিক আৰু সাপ্তাহিক বজাৰৰ এলেকাসমূহক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ।

MORIGAON CONTAINTMENT ZONE
মৰিগাঁৱত ছয়টাকৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা

মৰিগাঁও, ১২ মে': মৰিগাঁৱৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে কেবাটাও এলেকা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰিগাঁও ৰাহজ চক্ৰৰ নেলী দৈনিক আৰু সাপ্তাহিক বজাৰৰ এলেকাসমূহক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । ইয়াৰ লগে লগে বুধবাৰৰ পৰা জিলাখনত ছয়টালৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা ।

মৰিগাঁৱত ছয়টাকৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা

শেহতীয়াকৈ, মৰিগাঁও ৰাজহ চক্ৰৰ অধীনৰ নেলী দৈনিক আৰু সাপ্তাহিক বজাৰৰ এলেকাত বিগত কেইদিনত উদ্বেগজনক হাৰত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে মৰিগাঁও চক্ৰ বিষয়া মুনমী কলিতাৰ নেতৃত্বত মঙলবাৰে জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষা সীমা ৰেখা ভূঞাই দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা আইন ২০০৫ ৰ একাধিক ধাৰাৰ আধাৰত বুধবাৰে পুৱাৰ পৰা কাৰ্যকৰী হোৱাকৈ এক নিৰ্দেশনাৰ জাৰি কৰিছে ।

মৰিগাঁৱত ছয়টাকৈ বৃদ্ধি পালে কন্টেইনমেন্ট জ'নৰ সংখ্যা

সীমা ৰেখা ভূঞাই ঘোষণ কৰা নেলী দৈনিক আৰু সাপ্তাহিক বজাৰৰ চাৰিসীমা ক্ৰমে উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, দক্ষিণে গোপাল কৃষ্ণ চাহ বাগিছা, পূৱে খোলাহাট হাবি, পশ্চিমে ২ নং বৰপায়ক কিছাম । উক্ত এলেকাসমূহত কন্টেইনমেন্ট জ'নৰ সকলো নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰাৰ লগতে সকলো প্ৰয়োজনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে জিলা প্ৰশাসনে ।

আনাহাতে, জিলাখনৰ ভূৰাগাঁও ৰাজহচক্ৰৰ পোকালাগি, লাহৰীঘাট ৰাজহ চক্ৰৰ বৰিবন্ধা, মিকিৰভেটাৰ চৰাইবাহী আৰু মায়ং ৰাজহ চক্ৰৰ জাগীৰোড নিজৰাপাৰ আৰু কিশোৰ ক্লাৱক জিলা প্ৰশাসনে বিগত শনিবাৰৰ পৰা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা ।

লগতে পঢ়ক: হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য

For All Latest Updates

ABOUT THE AUTHOR

...view details