অসম

assam

ETV Bharat / state

ভূৰাগাঁৱৰ বানাক্ৰান্তৰ মাজত কংগ্ৰেছৰ সঁজাতি দল - মৰিগাঁৱৰ ভূৰাগাঁও

মৰিগাঁৱৰ ভূৰাগাঁৱত বৃহস্পতিবাৰে বান পৰিস্থিতিৰ বুজ ল’লে কংগ্ৰেছৰ এটা সঁজাতি দলে । দলটোৰ মুখপাত্ৰ ইমদাদ হোছেইনে বানাক্ৰান্তৰ মনৰ বুজ লৈ শীঘ্ৰে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

Congress worker visited flood situation of morigaon assam etv bharat news
বানাক্ৰান্তৰ মাজত কংগ্ৰেছৰ সঁজাতি দল

By

Published : Jul 23, 2020, 5:27 PM IST

মৰিগাঁও,23 জুলাই: মৰিগাঁও জিলাৰ ভূৰাগাঁৱতো তাণ্ডৱ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৷ অঞ্চলটোৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত তৃতীয়টো বানৰ কবলত পৰিছে ভূৰাগাঁৱবাসী । জিলাখনৰ দীঘলীআটিৰ পৰা আমবাঘান সংযোগী প্ৰায় ছয় কিল’মিটাৰ অঞ্চল উন্মুক্ত মথাউৰিৰে হোৰাহোৰে পানী সোমাই অহাত প্লাৱিত হৈছে বৃহত্তৰ অঞ্চল ৷

বানাক্ৰান্তৰ মাজত কংগ্ৰেছৰ সঁজাতি দল

বানে জুৰুলা কৰা গাঁৱৱাসীৰ দুখ কুলাই-পাচিয়ে নধৰা হোৱাৰ লগতে দেখা দিছে খাদ্য সংকটে ৷ জিলাখনৰ বানাক্ৰান্তৰ কাষত বৃহস্পতিবাৰে থিয় দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ইমদাদ হুছেইনে । হুছেইনে ভূৰাগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰি বানাক্ৰান্তৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ ব্যৰ্থ আৰু মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দি বিজেপিৰ মিত্ৰজোঁট চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

লগতে চাওকঃবান পৰিস্থিতিৰ অৱনতিঃ 89 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ABOUT THE AUTHOR

...view details