মৰিগাঁও, ২৮ নৱেম্বৰ:অসম চৰকাৰৰ শেহতীয়া নিৰ্ধাৰিত সেৱা কৰৰ বিৰুদ্ধে প্ৰতিবাদ মৰিগাঁও জিলা কংগ্ৰেছৰ । মঙলবাৰে মৰিগাঁও সদৰ বিহুতলীত মৰিগাঁও জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে । যোৱা ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে সেৱা কৰ সন্দৰ্ভত এক নির্দেশনা জাৰি কৰাৰ পিচতেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । ইয়াৰেই অংশৰূপে আজি মৰিগাঁও জিলা কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
মৰিগাঁৱত কংগ্ৰেছৰ ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । শাসকীয় বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰি লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে কয় যে বিজেপি চৰকাৰে এতিয়া বিশ হাজাৰ বিদ্যালয় বন্ধ কৰি বিশ হাজাৰ মদৰ দোকান খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভাড়াঘৰৰ পৰা সাংস্কৃতিক বা ধৰ্মীয় অনুষ্ঠান পতালৈকে কৰ আৰোপ কৰি জনসাধাৰণক মাধমাৰ দিছে । তেওঁ পুনৰ কয় যে সামাজিক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰায় আটাইবোৰ পৰ্বতে সেৱা কৰৰ নামত উচ্চ হাৰত মাচুল আদায় দিব লাগিব অসম চৰকাৰক । ইয়াৰ বাবে অসম আৰক্ষীয়ে সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে বিভিন্ন সেৱাৰ নামত উচ্চ হাৰত মাচুল সংগ্ৰহ কৰিছে ৷